
চেন্নাই, ২২ এপ্ৰিল (হি.স.)। তামিলনাডু বিধানসভা নিৰ্বাচনৰ বাবে কাইলৈ অনুষ্ঠিত হ'ব লগীয়া ভোটদান সুকলমে অনুষ্ঠিত কৰিবলৈ ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। গণতন্ত্ৰৰ এই বৃহৎ উৎসৱত মুঠ ৫.৭৩ কোটি ভোটাৰে অংশগ্ৰহণ কৰিব। ৰাজনৈতিক দল আৰু নিৰ্দলীয়কে ধৰি মুঠ ৪৬১৮ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। মঙলবাৰে সন্ধিয়া ৬ বজাত এই অভিযানৰ অন্ত পৰে। সমগ্ৰ তামিলনাডুত প্ৰায় ৭৫,০৩২টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে । ইয়াৰে ৩০২২টা স্থানত অৱস্থিত ৫৯৩৮টা ভোটকেন্দ্ৰ স্পৰ্শকাতৰ বুলি ঘোষণা কৰা হৈছে।
এই ষ্টেচনসমূহত সশস্ত্ৰ অৰ্ধসামৰিক বাহিনী আৰু তামিলনাডু বিশেষ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা ৰোধ কৰিব পৰা যায়।
ভোটগ্ৰহণৰ দিনটোত সমগ্ৰ ৰাজ্যজুৰি আৰক্ষী, অৰ্ধসামৰিক বাহিনী, অগ্নিনিৰ্বাপক বাহিনী, কাৰাগাৰ বিভাগ, বন বিভাগ, গৃহৰক্ষী, অৱসৰপ্ৰাপ্ত জোৱানকে ধৰি প্ৰায় ১.৪৭ লাখ নিৰাপত্তাৰক্ষীক মোতায়েন কৰা হৈছে। ইয়াৰ উপৰিও কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ প্ৰায় ২৯৫টা কোম্পানীৰে প্ৰায় ২৩ হাজাৰ অৰ্ধসামৰিক জোৱান তামিলনাডুত উপস্থিত হৈছে । ইয়াৰ ভিতৰত আছে ২৬,২০৩ জন পৰিদৰ্শক, উপ-পৰিদৰ্শক, বিশেষ উপ-পৰিদৰ্শক আৰু ৯৪,৫৯৮ জন হেড কনিষ্টবল আৰু আৰক্ষী বিষয়া।
বিশেষ বাহিনী নিয়োগ
একেদৰে বিশেষ কমাণ্ডো/অতিৰিক্ত বাহিনীৰ ১২,১৫০ জন জোৱানকো নিৰাপত্তাৰ দায়িত্বত নিয়োগ কৰা হৈছে। ৰাজধানী চেন্নাই জিলাত অৱদী আৰু তাম্বাৰম নগৰ আৰক্ষীক বাদ দি ৩৮খন জিলা আৰু ৭খন মহানগৰ আৰক্ষী এলেকাত নিৰাপত্তাৰ বাবে ১.১৭ লাখ আৰক্ষী জোৱান নিয়োগ কৰা হ’ব। অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীৰ উপৰিও প্ৰায় ২০ হাজাৰ অৱসৰপ্ৰাপ্ত জোৱান, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া, অৱসৰপ্ৰাপ্ত বনৰক্ষীকো নিৰ্বাচনী কৰ্তব্যৰ বাবে নিয়োগ কৰা হৈছে।
অৰ্ধসামৰিক বাহিনীৰ টহল
ভোটগ্ৰহণৰ দিনা বিশেষ বাহিনীৰ জোৱানসকলে ৫১৪খন বাহনত সমগ্ৰ ৰাজ্যত টহল দিব। কোনো ভোটকেন্দ্ৰত কিবা সমস্যাৰ সৃষ্টি হ’লে ততাতৈয়াকৈ তাত উপস্থিত হৈ আইন-শৃংখলা বজাই ৰাখিব। ইয়াৰ উপৰিও ডি এছ পি, এ ডি এছ পি, এছ পি, ডি আই জি, আই জি আৰু আৰক্ষী আয়ুক্তৰ নেতৃত্বত ১১০০খন বাহনত দ্ৰুত সঁহাৰিৰ দলো নিৰাপত্তাৰ দায়িত্বত নিয়োগ কৰা হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া