বজালীত চোৰৰ তাণ্ডৱ অব্যাহত
বজালীত পুনৰ চোৰৰ তাণ্ডৱ অব্যাহত ।
বজালীত চোৰৰ তাণ্ডৱ অব্যাহত


বৰপেটা, ২২ এপ্ৰিল (হি.স.): বজালীত অব্যাহত আছে চোৰৰ তাণ্ডৱ । বজালীৰ বামাখাটা গাঁওখনৰ হৰপল্লৱ তালুকদাৰৰ ঘৰত যোৱা কালি মঙলবাৰে বিয়লি সংঘটিত হ’ল চুৰিকাণ্ড । ঘৰত কোনো নথকাৰ সুযোগত চুৰে লুটি নিয়ে সোনৰ আ-অলংকাৰ, নগদ ধন সহ অন্যান্য মূল্যবান সামগ্ৰী ।

সঘনাই বজালী বজালী বিভিন্ন অঞ্চলত চোৰৰ উৎপাতত টোপনি হৰিছে সাধাৰণ জনতাৰ । ঘটনস্থলীত বজালী আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande