নাজিৰাৰ লিগিৰীপুখুৰীস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয়ত যুৱকৰ আত্মহত্যা
শিৱসাগৰ, ২২ এপ্ৰিল (হি.স.)। নাজিৰাৰ এখন চিকিৎসালয়ত হঠাতে হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হৈছে। চিকিৎসালয়খন হৈছে লিগিৰীপুখুৰীস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয়। চিকিৎসালয়খন নিশা এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়৷ চিকিৎসালয়খনৰ জৰুৰীকালীন কক্ষত স্
নাজিৰাৰ লিগিৰীপুখুৰীস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয়ত যুৱকৰ আত্মহত্যা


শিৱসাগৰ, ২২ এপ্ৰিল (হি.স.)। নাজিৰাৰ এখন চিকিৎসালয়ত হঠাতে হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হৈছে। চিকিৎসালয়খন হৈছে লিগিৰীপুখুৰীস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয়। চিকিৎসালয়খন নিশা এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়৷

চিকিৎসালয়খনৰ জৰুৰীকালীন কক্ষত স্থানীয় এজন যুৱকে আত্মহত্যা কৰাক লৈ চিকিৎসালয়খন তীব্ৰ চাঞ্চল্য ৰ সৃষ্টি হৈছে৷

নিশা জৰুকালীন কক্ষত চিকিৎসক নাৰ্চ থকাৰ স্বত্বেও স্থানীয় এজন যুৱকে আত্মহত্যা কৰে৷ আত্মহত্যা কৰা যুৱক জনৰ নাম মিণ্টু দত্ত(৩৭) বুলি চিনাক্ত কৰা হৈছে ৷ চিকিৎসালয়খনত নিৰাপত্তা শিথিলতাৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ আংশকা কৰা হৈছে৷ আৰক্ষীয়ে যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে এই ঘটনাৰ তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande