এনবিএ প্লে অফঃ ভিক্টৰ ৱেম্বানিয়ামা কনকাচনত ভুগিছে, যিটো ছান এণ্টনিঅ’ স্পাৰ্ছৰ বাবে বৃহৎ আঘাত
প’ৰ্টলেণ্ড, ২২ এপ্ৰিল (হি.স.)। নেশ্যনেল বাস্কেটবল এছ’চিয়েশ্যন (এনবিএ)ৰ প্লে অফত ছান এণ্টনিঅ’ স্পাৰ্ছে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। তাৰকা খেলুৱৈ ভিক্টৰ ৱেম্বানিয়ামাক খেলৰ সময়ত মূৰত আঘাত (কনকাচন) হোৱাৰ বাবে লীগৰ কনকাচন প্ৰট’কলত স্থান দিয়া হৈছ
सैन एंटोनियो स्पर्स के स्टार खिलाड़ी विक्टर वेम्बन्यामा


প’ৰ্টলেণ্ড, ২২ এপ্ৰিল (হি.স.)। নেশ্যনেল বাস্কেটবল এছ’চিয়েশ্যন (এনবিএ)ৰ প্লে অফত ছান এণ্টনিঅ’ স্পাৰ্ছে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। তাৰকা খেলুৱৈ ভিক্টৰ ৱেম্বানিয়ামাক খেলৰ সময়ত মূৰত আঘাত (কনকাচন) হোৱাৰ বাবে লীগৰ কনকাচন প্ৰট’কলত স্থান দিয়া হৈছে।

মঙলবাৰে নিশা পৰ্টলেণ্ডৰ বিৰুদ্ধে খেলখনৰ সময়ত এই কাণ্ড সংঘটিত হয়, যিখন খেলত ছান এণ্টনিঅ’ই ১০৬-১০৩ গ’লত পৰাস্ত হয়। এই পৰাজয়ে ৱেষ্টাৰ্ণ কনফাৰেন্সৰ প্ৰথম ৰাউণ্ডৰ শৃংখলা ১-১ গ’লত সমতা স্থাপন কৰে।

দ্বিতীয় কোৱাৰ্টাৰত প্লে এটেম্পৰ সময়ত ৱেম্বান্যামা পৰি মুখত পোনে পোনে ক’ৰ্টত খুন্দা মাৰে। নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰি প্ৰায় ৩০ ছেকেণ্ড ধৰি ক’ৰ্টত পৰি থাকিল। ইয়াৰ পিছত চিকিৎসা দলে তেওঁক মূল্যায়ন কৰি লগে লগে খেলপথাৰৰ পৰা আঁতৰাই পেলায়।

দলৰ প্ৰশিক্ষক মিচ জনছনে নিশ্চিত কৰিছে যে ৱেম্বানিয়ামাৰ কনকাচন হৈছে আৰু এতিয়া লীগৰ নিয়ম অনুসৰি আৰোগ্যৰ প্ৰক্ৰিয়া গ্ৰহণ কৰা হ’ব। নিয়ম অনুসৰি এজন খেলুৱৈয়ে কমেও ৪৮ ঘণ্টা জিৰণি ল’ব লাগিব আৰু তাৰ পিছত বিভিন্ন চিকিৎসা পৰীক্ষা কৰিব লাগিব। সম্পূৰ্ণ ফিট বুলি ঘোষণা কৰাৰ পিছতহে তেওঁ খেলপথাৰলৈ উভতি যাব পাৰিব।

শুকুৰবাৰে প’ৰ্টলেণ্ডত অনুষ্ঠিত হ’ব এই শৃংখলাৰ তৃতীয়খন মেচ যদিও ৱেম্বানিয়ামাৰ ইয়াত খেলাৰ সম্ভাৱনা অতি কম বুলি বিবেচিত হৈছে।

এই ছিজনত ৱেম্বানিয়ামাই উৎকৃষ্ট ফৰ্মত আছে। প্ৰতিখন খেলতে তেওঁ গড়ে ২৫ পইণ্ট, ১১.৫ ৰিবাউণ্ড আৰু ৩.১ ব্লক লাভ কৰে। শেহতীয়াকৈ তেওঁ ডিফেন্সিভ প্লেয়াৰ অৱ দ্য ইয়েৰৰ বঁটা লাভ কৰিছে । তেওঁৰ অনুপস্থিতিত লুক কৰ্নেটে চেণ্টাৰত খেলি ১০ পইণ্ট আৰু ৯ ৰিবাউণ্ডৰ অৱদান আগবঢ়ায় ।

সতীৰ্থ ডেভিন ভেচেলে কয় যে দলটোৱে এতিয়া একেলগে খেলিব লাগিব আৰু ৱেম্বান্যামাৰ শূন্যতা পূৰণৰ চেষ্টা কৰিব লাগিব । ২০১৯ চনৰ পিছত প্ৰথমবাৰৰ বাবে প্লে অফত প্ৰৱেশ কৰা ছান এণ্টনিঅ’ স্পাৰ্ছ, গতিকে ৱেম্বানিয়ামাৰ আঘাত দলটোৰ বাবে এক ডাঙৰ আঘাত বুলি প্ৰমাণিত হ’ব পাৰে ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande