পৰ্বতঝোৰাত বৰদৈচিলাৰ কালৰূপ ধাৰণ
পৰ্বতঝোৰাত বৰদৈচিলাৰ কালৰূপ ধাৰণ।
পৰ্বতঝোৰাত বৰদৈচিলাৰ কালৰূপ ধাৰণ


কোকৰাঝাৰ, ২২ এপ্ৰিল (হি.স.): কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাত বৰদৈচিলাই কালৰূপ ধাৰণ কৰে । ব’হাগৰ বৰদৈচিলাৰ তাণ্ডৱত যোৱা কালি মঙলবাৰে সন্ধিয়া ঠায়ে ঠায়ে দুৰ্ঘটনা সংঘটিত হয় । বিএছএফ কেম্পৰ সমীপত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত উভালি পৰা গছত খুন্দা মাৰি গুৰুতৰ ভাবে আহত হয় বাইক চালক এজন । আহত বাইক চালক জনক সংকট জনক অৱস্থাত চিকিৎসাললৈ প্ৰেৰণ কৰা হয় ।

আনফালে টিপকাই আৰক্ষী চকীৰ সমীপত গছ উভালি পৰিল টেম্পোৰ ওপৰত । এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে টেম্পো চালক জনৰ । আৰক্ষী আৰু স্থানীয় লোকে উভালি পৰা গছ কাটি উদ্ধাৰ চালক জনক । বগৰীবাৰী টিপকাই সংযোগী পথ আৰু ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত গছ উভালি পৰাত ব্যাহত হয় যাতায়ত ব্যৱস্থা । বন বিভাগ আৰু আৰক্ষীয়ে ইতিমধ্যে উভালি পৰা গছ সমূহ আঁতৰোৱাৰ কাম আৰম্ভ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande