
লখিমপুৰ, ২২ এপ্ৰিল (হি.স.): লখিমপুৰ জিলাৰ নাওবৈচাৰ ভৰলুৱাত যোৱা কালি মঙলবাৰে সন্ধিয়া এক শোকাৱহ ঘটনা সংঘটিত হয় । গাঁৱৰে এটা ঘৰৰে তিনিজন মানুহৰ ওপৰত পৰিল বজ্ৰপাত । এই ঘটনাত হয় আঘাতপ্ৰাপ্ত দুই গৰাকী মহিলা সহ এগৰাকী শিশু।
ব্ৰজপাত পৰি থিতাতে মৃত্যু হয় এগৰাকী মহিলাৰ । মৃত মহিলা গৰাকীৰ নাম ছবিনা বেগম( ৩০ ) বুলি জনা গৈছে । ইফালে পৰিয়ালৰ আন দুজনৰ অৱস্থা অতি সংকট জনক হৈ পৰে । দুয়োকে সংকট জনক অৱস্থাত লখিমপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ