
কোকৰাঝাৰ, ২২ এপ্ৰিল (হি.স.): ৰাজ্যত ৰঙালী বিহুৰ উখল মাখল পৰিৱেশ। কোকৰাঝাৰ জিলাৰ বৃহত্তৰ ফকিৰাগ্ৰামত ৫৮ সংখ্যক আঞ্চলিক ৰঙালী বিহু উদযাপন উপলক্ষে যোৱা কালি সন্ধিয়া আনুষ্ঠানিকভাৱে অস্থায়ী কাৰ্যালয় মুকলি কৰা হয়। ফকিৰাগ্ৰামৰ অফিচাৰ ক্লাবত কালি সন্ধিয়া অনুষ্ঠিত এই অনুষ্ঠানত উদযাপন সমিতিৰ উপদেষ্টা তথা প্ৰাক্তন শিক্ষক খনিন ৰায়ে ৰঙা ফিতা কাটি কাৰ্যালয়টোৰ শুভ উদ্বোধন কৰে।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ এমচিএলএ এজামুল হক, ৰাষ্ট্ৰপতি বাটপ্ৰাপক কৃতি শিক্ষক কৃষ্ণ চন্দ্ৰ নাথ আৰু পৰ্বতঝোৰা বিধান সভা সমষ্টিৰ বিপিএফ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী ড° ৰেজাউল কৰিম। ইয়াৰ উপৰিও উদযাপন সমিতিৰ সভাপতি আদিত্য ডেকা, সম্পাদক নিহাৰ নাৰায়ণ দেৱ, যুটীয়া সম্পাদক বিজু নাথ, নজৰুল হক, প্ৰণৱ শৰ্মাৰ লগতে আন সদস্যসকল উপস্থিত থাকে।
উল্লেখযোগ্য যে, এইবাৰ ফকিৰাগ্ৰাম আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে ১ আৰু ২ মে’ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে উৎসৱ উদযাপন কৰিব। কিন্তু এইবাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অনুপস্থিতিত বিহু উদযাপন কৰা হ’ব। অন্তিম দিনৰ সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় কণ্ঠশিল্পী দেবোজিৎ বৰা উপস্থিত থাকিব বুলি আয়োজকসকলে জনাইছে।
কাৰ্যালয় মুকলিৰ পিছত অনুষ্ঠিত এখন সভাত বিহু উদযাপনৰ বিভিন্ন দিশ সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় আৰু সফলভাৱে উৎসৱ উদযাপনৰ বাবে পৰিকল্পনা গ্ৰহণ কৰা হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ