
শিৱসাগৰ, ২২ এপ্ৰিল (হি.স.)। শিৱসাগৰৰ দুখনকৈ ইউনিচেস্ক পাৰ্লাৰত নিশা আৰক্ষীৰ অভিযান ৷ বি জি ৰো'ডত অৱস্থিত এম ৱান আৰু কে পি ছাৰিআলিত অৱস্থিত অ' টু নামৰ ইউনিচেস্ক পাৰ্লাৰ খনত আৰক্ষীৰ অভিযান ৷
অৱৈধ নাৰী দেহৰ বেহা চলি থকাৰ সন্দেহতেই এ এচ পি ময়িদুল ইছলামৰ নেতৃত্বত আৰক্ষীৰ বৃহত অভিযান ৷ একে সময়তেই দুটাকৈ আৰক্ষীৰ দলে পৃথকে পৃথকে চলোৱা অভিযানত ৩ গৰাকী যুৱতী আৰু তিনি গ্ৰাহকৰ লগতে দুয়োখন প্ৰতিস্থানৰ গৰাকী সহ মুঠ ৮ জনক আটক ৷
বিজি ৰোডৰ এম ৱানৰ পৰা তিনি গৰাকী যুৱতী, দুজন গ্ৰাহকৰ লগতে গৰাকীক আটক কৰাৰ লগতে কে পি ছাৰিআলিৰ অ ' টু নামৰ ইউনিচেস্ক পাৰ্লাৰ খনৰ পৰা এগৰাকী যুৱতী, এজন অ এন জি চিৰ বিষয়া সহ গৰাকীক আটক ৷
সমগ্ৰ ঘটনাৰ সম্পৰ্কত এ এচ পি ময়িদুল ইছলামে সংবাদ মাধ্যমক আটকাধীন সকলক সোধা - পোচা চলাই থকাৰ লগতে পৰ্য্যপ্ত তথ্য লাভ কৰিলে নিজাববীয়া গোচৰ পঞ্জীয়ন কৰিব বুলি স্পষ্ট কৰি দিয়ে ৷ আটকাধীন সকলৰ মাজত এগৰাকী অৰুণাচলৰ যুৱতীও আছে ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু