চিৰাঙৰ ৰুণিখাতাত আদিবাসী মহিলাৰ ওপৰত বনকৰ্মীৰ আতিশয্য, দোষী বন কৰ্মীক শাস্তিৰ দাবী
চিৰাং জিলাৰ ৰুণিখাতাত আদিবাসী মহিলাৰ ওপৰত বনকৰ্মীৰ আতিশয্য, দোষী বন কৰ্মীক শাস্তিৰ দাবী।
চিৰাঙৰ ৰুণিখাতাত আদিবাসী মহিলাৰ ওপৰত বনকৰ্মীৰ আতিশয্য, দোষী বন কৰ্মীক শাস্তিৰ দাবী


কোকৰাঝাৰ, ২২ এপ্ৰিল (হি.স.): বিটিচিৰ চিৰাং জিলাৰ ৰুণিখাতাত আদিবাসী জনগোষ্ঠীৰ লোকক উচ্ছেদৰ নামত বনকৰ্মীয়ে অত্যাচাৰ চলোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ঘটনাত জড়িত বনকৰ্মীক কঠোৰ শাস্তিৰ দাবী কৰিছে জাহেৰ ছেগুন বাইছিৰ সাধাৰণ সম্পাদক ললিত হেমব্ৰমে ৷

মহকুমাৰ তেলীপাৰাত যোৱা কালি মঙলবাৰে বিয়লি সাংবাদিক সন্মিলন সম্বোধন কৰি বিটিচি চৰকাৰৰ পক্ষপাতিত্বমূলক আচৰণক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ এনেকি বিভিন্ন সময়ত বাছি বাছি আদিবাসী জনগোষ্ঠীৰ উপৰি অবড়ো ৰাইজক হাৰাশাস্তি, অত্যাচাৰ কৰি থকা বুলিও গুৰুতৰ অভিযোগ তুলি এই ধাৰা বন্ধ নহ'লে বিটিচি পৰিষদীয় চৰকাৰ শলঠেকত পৰিব বুলিও মন্তব্য কৰিছে৷সংবাদমেলত এচুৰ কোকৰাঝাৰ জিলা কমিটিৰ উপ সভাপতি আগষ্টিন বাস্কে, জাহেৰ ছেগুন বাইছিৰ নেতা বিমল চোৰেন আদিয়ে উপস্থিত থাকে৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande