
শিৱসাগৰ, ২২ এপ্ৰিল (হি.স.): শিৱসাগৰৰ দুখনকৈ ইউনিচেস্ক পাৰ্লাৰত যোৱা কালি মঙলবাৰে বিয়লি আৰক্ষীৰ অভিযান চলে ৷ বি জি ৰো'ডত অৱস্থিত এম ৱান আৰু কে পি চাৰিআলিত অৱস্থিত অ' টু নামৰ ইউনিচেস্ক পাৰ্লাৰ খনত আৰক্ষীৰ অভিযান চলিছিল ৷ অৱৈধ নাৰী দেহৰ বেহা চলি থকাৰ সন্দেহতেই এ এচ পি ময়িদুল ইছলামৰ নেতৃত্বত আৰক্ষীৰ বৃহৎ অভিযান ৷একে সময়তেই দুটাকৈ আৰক্ষীৰ দলে পৃথকে পৃথকে চলোৱা অভিযানত ৩ গৰাকী যুৱতী আৰু তিনি গ্ৰাহকৰ লগতে দুয়োখন প্ৰতিষ্ঠানৰ গৰাকী সহ মুঠ ৮ জনক আটক কৰা হৈছে ৷
ইয়াৰে বিজি ৰোডৰ এম ৱানৰ পৰা তিনি গৰাকী যুৱতী, দুজন গ্ৰাহকৰ লগতে স্বত্বাধিকাৰী আৰু কে পি চাৰিআলিৰ অ ' টু নামৰ ইউনিচেস্ক পাৰ্লাৰ খনৰ পৰা এগৰাকী যুৱতী, এজন অ এন জি চিৰ বিষয়া সহ গৰাকীক আটক ৷ সমগ্ৰ ঘটনাৰ সম্পৰ্কত এ এচ পি ময়িদুল ইছলামে সংবাদ মাধ্যমক আটকাধীন সকলক সোধা - পোচা চলাই থকাৰ লগতে পৰ্যাপ্ত তথ্য লাভ কৰিলে নিজাববীয়া গোচৰ পঞ্জীয়ন কৰিব বুলি স্পষ্ট কৰি দিয়ে ৷ আটকাধীন সকলৰ মাজত এগৰাকী অৰুণাচলৰ যুৱতীও আছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ