
কাচাৰ, ২২ এপ্ৰিল (হি.স.)। মঙলবাৰে কাচাৰ জিলাৰ উদাৰবন্দ সমষ্টিৰ শালগঙ্গাস্থিত মৰ্লি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ধুমুহাই তাণ্ডৱ চলায়। নিশা অহা প্ৰচণ্ড শিলাবৃষ্টি আৰু ধুমুহাই ১৯৫২ চনতে স্থাপিত এই ঐতিহাসিক চৰকাৰী বিদ্যালয়খনৰ টিনৰ চাল উৰুৱাই নিয়াৰ লগতে ১২ টাকৈ শ্ৰেণীকোঠা সম্পূৰ্ণৰূপে বিধ্বস্ত কৰে। ফলত এহেজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত অনিশ্চয়তাৰ মাজলৈ ঠেলি দি কৰ্তৃপক্ষই পাঠদান অনিৰ্দিষ্টকাললৈ বন্ধ ঘোষণা কৰিছে।
জানিব পৰা মতে, আৰ আই ডি এফ আঁচনিৰ অধীনত স্থায়ী ভৱন নিৰ্মাণৰ কাম চলি থকাৰ বাবে প্ৰায় এবছৰ পূৰ্বে পুৰণি ভৱনটো ভাঙি পেলোৱা হৈছিল। তাৰ পৰিৱৰ্তে খেলপথাৰত বাঁহ আৰু টিনৰ এক অস্থায়ী নিৰ্মাণত ১২ টা শ্ৰেণীকোঠাৰ ব্যৱস্থা কৰা হৈছিল। ধুমুহাই এই অস্থায়ী গৃহটোৰ চাল উৰুৱাই নিয়াৰ
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা