
কাঠমাণ্ডু, ২২ এপ্ৰিল (হি.স.)। নেপালৰ বৈদেশিক মন্ত্ৰী শিশিৰ খানালে ইৰাণৰ কাৰাগাৰৰ পৰা নেপালী নাগৰিক অমৃত ঝাক মুকলি কৰি দিয়াৰ সন্দৰ্ভত দেশখনক ভুৱা তথ্য প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে। খানালৰ এই দাবীৰ ৭ দিনৰ পাছতো অমৃত ঝা ইৰাণৰ কাৰাগাৰত বন্দী হৈ আছে।
খানালে যোৱা ১৫ এপ্ৰিলত ছ’চিয়েল মিডিয়া পোষ্টত লিখিছিল যে অমৃত ঝাক ইৰাণৰ জিম্মাত মুকলি কৰি দিয়া হৈছে। খানালে কয়, ইৰাণত থকা আমাৰ অনাৰেৰী কনছুলেট জেনেৰেল আৰু কাটাৰত থকা দূতাবাস তেওঁৰ সংস্পৰ্শত আছে। আমাৰ দলে তেওঁক ইৰাণৰ পৰা উলিয়াই অনাৰ কাম কৰি আছে। মন্ত্ৰী খানালে লগতে কয় যে স্থানীয় আদালতৰ পৰা মুক্তিৰ আদেশ পোৱা গৈছে, আৰু তাৰ ভিত্তিত তেওঁক মুকলি কৰি ইৰাণৰ কেছম দ্বীপত নিৰাপদে ৰখা হৈছে।
অমৃত ঝাৰ ভনী জোঁৱায়েক ৰাজেশ ঝাৰ মতে অমৃতে মঙলবাৰে সন্ধিয়া প্ৰায় ৫ বজাত ফোন কৰি তেওঁক জনাইছিল যে তেওঁ এতিয়াও কাৰাগাৰত আছে। অমৃতে পৰিয়ালক দিয়া তথ্য অনুসৰি বৰ্তমান তেওঁ ইৰাণৰ বন্দৰ আব্বাছ কাৰাগাৰত আছে। হৰমোজগান প্ৰদেশত অৱস্থিত এই কাৰাগাৰখনক লৈ মানৱ অধিকাৰ কৰ্মীসকলে সঘনাই প্ৰশ্ন উত্থাপন কৰি আহিছে। ইয়াত বিদেশী নাগৰিক, ড্ৰাগছ অপৰাধী, গুৰুতৰ অপৰাধত দোষী সাব্যস্ত হোৱা কয়দীক ৰখাৰ বাবে জনাজাত।
ৰাজেশ ঝাই সংবাদ মাধ্যমৰ আগত কয় যে, বিদেশ মন্ত্ৰীয়ে মুক্তিৰ কথা ঘোষণা কৰাৰ সময়ত আমি অতি সুখী হৈছিলো। কিন্তু কালি বিয়লি ৫ বজাৰ ওচৰত অমৃতৰ পৰা ফোন আহিছিল, তেওঁ কয় যে মই এতিয়াও কাৰাগাৰত। মোক কোনে মুকলি কৰি দিলে—আমি স্তম্ভিত হৈ পৰিছিলো। এসময়ত বৈদেশিক মন্ত্ৰীগৰাকীৰ এই দাবীত আনন্দিত হৈ পৰা ঝাৰ পৰিয়াল এতিয়া আৰু অধিক মানসিক চাপত পৰিছে। আগতে অমৃতে ফোনত স্বাভাৱিক আৰু উল্লাসিতভাৱে কথা পাতিছিল যদিও কালি কথা-বতৰাৰ সময়ত তেওঁৰ শব্দ যথেষ্ট হতাশ হৈ পৰিছিল। অমৃতে পৰিয়ালক জনাইছে যে আদালতৰ পৰা চিঠি পোৱা গৈছে, কিন্তু গোচৰৰ তদন্ত অব্যাহত থকাৰ বাবে তেওঁ কাৰাবন্দী হৈ আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া