মণিপুৰঃ হিংসাৰ অপৰাধত দুজনক গ্ৰেপ্তাৰ, আটক দুই উগ্ৰপন্থী
ইম্ফল, ২২ এপ্ৰিল (হি.স.)। মণিপুৰৰ আৰক্ষীয়ে হিংসা আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ উচটনি দিয়াৰ লগত জড়িত লোকসকলক গ্ৰেপ্তাৰ কৰাৰ বাবে অবিৰত অভিযান চলাইছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। মণিপুৰ আৰক্ষী মুখ্য কাৰ্যালয়ে বু
मणिपुरः हिंसक कार्रवाई में लिप्त दो आरोपित एवं दो उग्रवादी की गिरफ्तारी एवं तलाशी अभियान चलाते सुरक्षा कर्मी।


ইম্ফল, ২২ এপ্ৰিল (হি.স.)। মণিপুৰৰ আৰক্ষীয়ে হিংসা আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ উচটনি দিয়াৰ লগত জড়িত লোকসকলক গ্ৰেপ্তাৰ কৰাৰ বাবে অবিৰত অভিযান চলাইছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

মণিপুৰ আৰক্ষী মুখ্য কাৰ্যালয়ে বুধবাৰে জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে মঙলবাৰে মণিপুৰ আৰক্ষীয়ে টিংৰি মাখা লেইকাইৰ দুজন বাসিন্দাক গ্ৰেপ্তাৰ কৰে। ইম্ফল পূৱ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথ-০২ (ইম্ফল-ডিমাপুৰ পথ)ৰ ক’ইৰেংগেই ক্ৰছিং এলেকাত টায়াৰ জ্বলাই আৰু শিল গুটি নিক্ষেপ কৰি নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি হিংসাত্মক পৰিস্থিতিৰ উচটনি দিয়াৰ অভিযোগ উত্থাপন হৈছে।

ধৃত অভিযুক্ত দুজনৰ নাম থৌদাম গোজেন্দ্ৰ সিং আৰু পুখ্ৰাম্বম ইমো চিংগলেম্বা বুলি কোৱা হৈছে । থৌদাম গোজেন্দ্ৰ সিং মণিপুৰ আৰক্ষীৰ জোৱান বুলি জানিব পৰা গৈছে। দুয়োৰে বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে।

ইফালে ২০ এপ্ৰিলত নিৰাপত্তা বাহিনীয়ে টেংগন’পাল জিলাৰ মৰেহ থানাৰ অন্তৰ্গত টি বংমোলেৰ সাধাৰণ অঞ্চলৰ পৰা দুজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে। প্ৰিপাক-প্ৰ’ কেডাৰ ছালাম য়াইমা মেইটেই (১৯, ফৌগাচাও ইখাই, বিষ্ণুপুৰ জিলা) আৰু পিএলএ কেডাৰ ৱাক্ৰামবাম ৰাহুল মেইটেই ওৰফে মালেমংগাম্বা (১৮, চাংগেই আৱাং লেইকাই, ইম্ফল পশ্চিম জিলা) বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে যোৱা ২১ এপ্ৰিলত নিৰাপত্তা বাহিনীয়ে বিভিন্ন জিলাৰ সীমান্ত আৰু স্পৰ্শকাতৰ অঞ্চলত তালাচী অভিযান চলাইছিল আৰু এলেকাৰ আধিপত্য বজাই ৰাখিছিল। ইফালে, মণিপুৰৰ বিভিন্ন জিলাত, পাহাৰ আৰু উপত্যকা উভয়তে মুঠ ১১৪টা চেকপইণ্ট/নাকা স্থাপন কৰা হয়। আইন উলংঘা কৰাৰ অপৰাধত আৰক্ষীয়ে আটক কৰে ৮ জন ব্যক্তিক। অধিক আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande