
ইম্ফল, ২২ এপ্ৰিল (হি.স.)। মণিপুৰ আৰক্ষীয়ে তালাচী অভিযানৰ সময়ত এজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ৩১০ লিটাৰ দেশীয় সুৰা জব্দ কৰে। আৰক্ষীয়ে জব্দ কৰা সুৰা আৰু ধৃত ব্যক্তিজনক আৱকাৰী বিভাগক যাৱতীয় ব্যৱস্থাৰ বাবে গতাই দিয়ে।
বুধবাৰে মণিপুৰ আৰক্ষী মুখ্য কাৰ্যালয়ে জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে মণিপুৰ আৰক্ষীয়ে মঙলবাৰে ইম্ফল থংখঙৰ মায়ঙৰ পৰা আন্দ্ৰো খুনৌ লেইকাইৰ বাসিন্দা চিংগাখাম নিলাবীৰ সিং (২৬) নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে। তেওঁৰ পৰা প্ৰায় ২৭০ লিটাৰ আৰু ৮০টা আধা লিটাৰৰ বটল (৪০ লিটাৰ) দেশীয় সুৰা জব্দ কৰা হৈছে। এই সন্দৰ্ভত আবকাৰী বিভাগে অধিক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ