
চিৰাং, ২২ এপ্ৰিল (হি.স.): চিৰাং জিলাৰ বিজনীত পোহৰলৈ আহিছে লাভ জেহাদৰ ঘটনা । বিজনীৰ কাবলী বাগানস্তিত এটা ভাৰাতীয়া ঘৰত এগৰাকী হিন্দু যুৱতীৰ সৈতে চাহাজামাল শেখ (২২) নামৰ বিবাহিত ইছলাম ধৰ্মাৱলম্বী যুৱকে বিশাল মল্লিক নাম লৈ এখন ঘৰত থকা অৱস্থাত ধৰাত পেলায় ।
ঘটনা অনুসৰি হিন্দু বুলি পৰিচয় দিছিল চাহাজামাল শেখ নামৰ যুৱকজনে । পিছত স্থানীয় ৰাইজৰ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ কৰ্মী সকল উপস্থিত হৈ যোৱা কালি বিয়লি বিজনী আৰক্ষীক খবৰ দিয়ে। পিছত বিজনী আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ চাহাজামাল শেখক বিজনী আৰক্ষী থানালৈ লৈ যায় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ