
হায়দৰাবাদ, ২১ এপ্ৰিল (হি.স.)। হায়দৰাবাদৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামত মঙলবাৰে ধুমুহাৰ সৃষ্টি হয় আৰু এই ধুমুহা আহে অভিষেক শৰ্মাৰ বেটৰ জৰিয়তে, যিয়ে ছানৰাইজাৰ্ছ হায়দৰাবাদক জয়ৰ দিশত আগবঢ়াই নিয়াৰ বাবে এক বিস্ফোৰক ইনিংছ আগবঢ়ায়। আই পি এল ২০২৬ৰ ৩১ সংখ্যক মেচত হায়দৰাবাদে দিল্লীক ৪৭ ৰানত একপক্ষীয়ভাৱে পৰাস্ত কৰে।
প্ৰথমে বেটিং কৰি হায়দৰাবাদে ২০ অভাৰত ২৪২ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে দিল্লীয়ে মাত্ৰ ১৯৫ ৰানহে মেনেজ কৰিবলৈ সক্ষম হয়। হায়দৰাবাদৰ জয়ৰ নায়ক অভিষেক শৰ্মাই ৬৮টা বলত অপৰাজিত ১৩৫ ৰান সংগ্ৰহ কৰে। অভিষেকৰ উপৰিও ট্ৰেভিছ হেডে ৩৭ ৰান, ঈশান কিষানে ২৫ ৰান সংগ্ৰহ কৰে।হাইনৰিখ ক্লাচেনে ১৩টা বলত অপৰাজিত ৩৭ ৰান কৰে।
হায়দৰাবাদত দিল্লীৰ অধিনায়ক অক্ষৰ পেটেলে টছত জয়লাভ কৰে যদিও ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বেটছমেনে জয়লাভ কৰে। হায়দৰাবাদৰ অ’পেনাৰ অভিষেক শৰ্মা আৰু ট্ৰেভিছ হেডে হায়দৰাবাদক বিস্ফোৰক আৰম্ভণি কৰে। বিশেষকৈ শৰ্মাই পাৱাৰপ্লে’ত দিল্লীৰ বলাৰৰ ওপৰত আধিপত্য বিস্তাৰ কৰে। পাৱাৰপ্লে’ত হায়দৰাবাদে ৬৭ ৰান সংগ্ৰহ কৰে আৰু দলটোৱে মাত্ৰ ২৮টা বলত পঞ্চাশ ৰান সংগ্ৰহ কৰে। অভিষেক শৰ্মাই মাত্ৰ ২৫টা বল লৈ অৰ্ধশতক অৰ্জন কৰে। ইয়াৰ পিছতে ট্ৰেভিছ হেডৰ উইকেট পৰিল যদিও অভিষেক দৃঢ় হৈ থাকিল। তেওঁ অধিনায়ক ঈশান কিষানৰ সৈতে ৩৫টা বলত ৭৯ ৰান সংযোজন কৰে।
অভিষেকে দিল্লীৰ স্পিনাৰক লক্ষ্য কৰি লয়। নীতিশ ৰানাৰ বিৰুদ্ধে তেওঁ ৫টা ছয় কৰে, য’ত কুলদীপ যাদৱৰ দুটা ছয়ো আছিল। অভিষেকে নিজৰ ইনিংছত ১০টা ছয় আৰু ১০টা চাৰিটা ভাঙি ফাইনেল অভাৰৰ শেষ বললৈকে অপৰাজিত হৈ থাকে। ইফালে ক্লাচেনেও ফোহাৰ দৰে ন’ক খেলি তিনিটা ছয় আৰু তিনিটা চাৰিৰ সহায়ত ৩৭ ৰান সংগ্ৰহ কৰে।
দিল্লী কেপিটেলছৰ আৰম্ভণি ভাল নাছিল। ৮ ৰানত আউট হ’ল পাথুম নিছাংকা। কিন্তু ইয়াৰ পিছত কে এল ৰাহুল আৰু নীতিশ ৰানা ভাল অংশীদাৰিত্ব গঢ়ি তুলিলে। নীতিশ ৰাণাই ৩০টা বলত ৫৭ ৰান সংগ্ৰহ কৰে। কে এল ৰাহুলেও ২৩টা বলত ৩৭ ৰান সংগ্ৰহ কৰে যদিও তেওঁলোকৰ বেটিঙে দিল্লীক জয়ত সহায় কৰিব নোৱাৰিলে। হায়দৰাবাদৰ হৈ ঈশান মালিংগাই ৪টা, হৰ্ষ ডুবেই ৩টা, ছাকিব হুছেইন আৰু মধুশংকাই ১টাকৈ উইকেট দখল কৰে।
হায়দৰাবাদৰ জয় আৰু দিল্লীৰ পৰাজয়ৰ লগে লগে পইণ্ট টেবুলত এক বৃহৎ পৰিৱৰ্তন ঘটিছে। হায়দৰাবাদ এতিয়া ৭খন মেচত ৪ খন জয়ৰে তৃতীয় স্থানত থকাৰ বিপৰীতে ৰাজস্থান ৰয়েলছ চতুৰ্থ স্থানলৈ পিছলি গৈছে। প্ৰথম স্থানত আছে পঞ্জাব আৰু দ্বিতীয় স্থানত আছে আৰ চি বি।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া