শ্ৰীভূমি চহৰত স্কুটিৰ ভিতৰৰ পৰা উদ্ধাৰ নিচা জাতীয় টেবলেট
শ্ৰীভূমি, ২২ এপ্ৰিল (হি.স.)। শ্ৰীভূমি চহৰত স্কুটিৰ ভিতৰৰ পৰা উদ্ধাৰ নিচা জাতীয় টেবলেট । চহৰৰ বাংলাদেশ সীমান্তৰ এলেকা ষ্টিমাৰঘাট ৰোডত নিশা এখন স্কুটিৰ ডিকিৰ ভিতৰত লুকূৱাই ৰখা অবস্থাতে ৭৮০০টা য়াবা টেবলেট উদ্ধাৰ , লগতে সৰবৰাহকাৰী গ্ৰেপ্তাৰ । ধৃ
শ্ৰীভূমি চহৰত স্কুটিৰ ভিতৰৰ পৰা উদ্ধাৰ নিচা জাতীয় টেবলেট


শ্ৰীভূমি, ২২ এপ্ৰিল (হি.স.)। শ্ৰীভূমি চহৰত স্কুটিৰ ভিতৰৰ পৰা উদ্ধাৰ নিচা জাতীয় টেবলেট । চহৰৰ বাংলাদেশ সীমান্তৰ এলেকা ষ্টিমাৰঘাট ৰোডত নিশা এখন স্কুটিৰ ডিকিৰ ভিতৰত লুকূৱাই ৰখা অবস্থাতে ৭৮০০টা য়াবা টেবলেট উদ্ধাৰ , লগতে সৰবৰাহকাৰী গ্ৰেপ্তাৰ ।

ধৃত সৰবৰাহকাৰীৰ নাম আব্দুল গব্বৰ । নিচা জাতীয় টেবলেটসমূহ ৰাতিৰ এন্ধাৰত বাংলাদেশলৈ সৰবৰাহ কৰাৰ চেষ্টাত আছিল আব্দুল ।

আৰক্ষীয়ে আব্দুলক গ্ৰেপ্তাৰ কৰি এনডিপিএছ ধাৰাত গোচৰ ৰুজু কৰি সদৰ থানালৈ লৈ যায় । জানিব পৰা মতে উদ্ধাৰ কৰা টেবলেটসমূহৰ মূল্য ৭৮ লাখ টকা ।

চহৰৰ মাজমজিয়াত নিচা জাতীয় টেবলেট উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande