
নতুন দিল্লী, ২২ এপ্ৰিল (হি.স.)। ইৰাণৰ সৈতে যুদ্ধবিৰতি বৃদ্ধিৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিৰ্দেশ দিয়াৰ পাছতো আজিও আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাইয়েই আছে। আজিৰ ব্যৱসায়ত ব্ৰেণ্ট খাৰুৱা তেলৰ প্ৰতি বেৰেলত ১০০ ডলাৰৰ সীমা অতি ওচৰ চাপে। একেদৰে পশ্চিম টেক্সাছ ইণ্টাৰমিডিয়েট (ডব্লিউ টি আই) খাৰুৱা তেলেও প্ৰতি বেৰেলত ৯০ ডলাৰৰ সীমা অতিক্ৰম কৰে। কিন্তু পিছত সামান্য হ্ৰাস পোৱা দেখা যায়।
আজি ব্ৰেণ্ট খাৰুৱা তেলৰ ব্যৱসায় আৰম্ভ হয় প্ৰতি বেৰেলত ৯৯.২৪ ডলাৰ, ১০০ ডলাৰৰ ওচৰত। কম সময়ৰ ভিতৰতে জঁপিয়াই প্ৰতি বেৰেলত ৯৯.২৯ ডলাৰ হয়। পুৱা ৯:১৫ বজালৈকে ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৯৮.৩৪ ডলাৰ হয়।
একেদৰে আজি ডব্লিউ টি আই খাৰুৱা তেলে ৯০ ডলাৰৰ সীমা অতিক্ৰম কৰি প্ৰতি বেৰেলত ৯০.৩৮ ডলাৰত মুকলি হয়। ইয়াৰ কিছু সময়ৰ পিছতে জঁপিয়াই প্ৰতি বেৰেলত ৯০.৭১ ডলাৰ হয়। কিন্তু পিছত সামান্য হ্ৰাস পোৱা দেখা যায়। ভাৰতীয় সময় অনুসৰি পুৱা ৯:১৫ বজাত ডব্লিউটিআই খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৮৯.৪৭ ডলাৰ হৈছিল।
বিশেষজ্ঞসকলে জনোৱা মতে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যুদ্ধবিৰতি ঘোষণা কৰাৰ বিপৰীতে হৰমুজ জলদ্বীপত অৱৰোধ চলি থাকিব বুলিও উল্লেখ কৰিছে। অৰ্থাৎ যুদ্ধবিৰতিৰ পিছতো মালবাহী জাহাজ আৰু তেল টেংকাৰে এই গুৰুত্বপূৰ্ণ সাগৰীয় পথটোৰে যাত্ৰা কৰিব নোৱাৰিব। ফলস্বৰূপে বিশ্বজুৰি খাৰুৱা তেলৰ যোগানত ব্যাঘাত জন্মি থাকিব।
কেপেক্স গোল্ড এণ্ড ইনভেষ্টমেণ্টছ প্ৰাইভেট লিমিটেডৰ চিইঅ’ ৰাজীৱ দত্তই কয় যে আমেৰিকা আৰু ইৰাণৰ মাজত দ্বিতীয় ৰাউণ্ডৰ শান্তি আলোচনা স্থগিত ৰখা হৈছে। শান্তি আলোচনাৰ বাবে মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ পাকিস্তান ভ্ৰমণৰ পৰিকল্পনাও পিছুৱাই দিয়া হৈছে। এই পৰিস্থিতিত পশ্চিম এছিয়াত আগতীয়াকৈ শান্তিৰ আশাও বিৰূপ প্ৰভাৱ পৰিছে।
পশ্চিম এছিয়াত অব্যাহত থকা উত্তেজনাই খাৰুৱা তেলৰ যোগানত প্ৰভাৱ পেলাব পাৰে। ফলস্বৰূপে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য পুনৰবাৰ প্ৰতি বেৰেলত ১০০ ডলাৰৰ ওচৰ চাপিছে। একমাত্ৰ সকাহ হ’ল আমেৰিকাই যুদ্ধবিৰতি বৃদ্ধি কৰিবলৈ সন্মত হৈছে। গতিকে এই সময়ত কোনো পক্ষৰ পৰা কোনো বৃহৎ আক্ৰমণৰ আশা কৰা হোৱা নাই।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া