পশ্চিম বংগত ভোটদানৰ পৰ্যালোচনা কৰিব আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধি দল
কলকাতা, ২২ এপ্ৰিল (হি.স.)। পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ সময়ত ভোটদানৰ পৰিস্থিতিৰ বুজ ল’বলৈ নিৰ্বাচন আয়োগে পশ্চিম বংগলৈ লৈ আহিছে আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধি দল। আয়োগৰ সূত্ৰ অনুসৰি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ এদিন পূৰ্বে এই প্ৰতিনিধি দলটো পশ্চিমবংগত উপ
मुख्य चुनाव अधिकारी मनोज अग्रवाल


কলকাতা, ২২ এপ্ৰিল (হি.স.)। পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ সময়ত ভোটদানৰ পৰিস্থিতিৰ বুজ ল’বলৈ নিৰ্বাচন আয়োগে পশ্চিম বংগলৈ লৈ আহিছে আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধি দল। আয়োগৰ সূত্ৰ অনুসৰি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ এদিন পূৰ্বে এই প্ৰতিনিধি দলটো পশ্চিমবংগত উপস্থিত হৈছে। বৃহস্পতিবাৰে প্ৰতিনিধি দলটোৱে ভোটদান প্ৰক্ৰিয়া আৰু নিৰাপত্তাৰ ব্যৱস্থা পৰিদৰ্শন কৰিব। খবৰ পোৱা গৈছে যে পশ্চিম বংগৰ সমান্তৰালকৈ তামিলনাডুতো ভ্রমণ কৰা হ’ব৷

ইফালে, ২৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে আয়োগে কেন্দ্ৰীয় বাহিনীৰ মুঠ ২৩২১টা কোম্পানী নিয়োগ কৰাৰ কথা ঘোষণা কৰিছে । মঙলবাৰে জাৰি কৰা এক অধিসূচনা অনুসৰি উত্তৰ ২৪ পৰগনা জিলাত ৫০৭টা কোম্পানীৰ সৰ্বাধিক নিয়োগ হ’ব।

প্ৰথম পৰ্যায়ৰ বাবে আয়োগে কেন্দ্ৰীয় বাহিনীৰ ২৪০৭টা কোম্পানী মোতায়েন কৰিছে। মুৰ্ছিদাবাদ জিলাত সৰ্বাধিক ৩১৬টা কোম্পানী নিয়োগ কৰা হৈছে। ইয়াৰে ২৪০টা কোম্পানী মুৰ্ছিদাবাদ আৰক্ষী জিলাত আৰু ৭৬টা কোম্পানী জাংগীপুৰ অঞ্চলত থাকিব।

দ্বিতীয় পৰ্যায়ত জিলাভিত্তিক নিয়োগঃ উত্তৰ ২৪ পৰগনাৰ বৰাছাট আৰক্ষী জিলাত ১১২টা, বঙাইগাঁৱত ৬২টা, বাছিৰহাটত ১২৩টা, বিধাননগৰত ৫০টা, আৰু বাৰাকপুৰত ১৬০টা কোম্পানী নিয়োগ কৰা হ’ব। দক্ষিণ ২৪ পৰগনাৰ সুন্দৰবনত ১১৩টা, বাৰুইপুৰত ১৬১টা, ডাইমণ্ড হাৰ্বাৰত ১৩৫টা কোম্পানী নিয়োগ কৰা হ’ব। হাওৰা জিলাৰ গ্ৰামাঞ্চলত ১৪৭টা আৰু হাওৰা আৰক্ষী আয়ুক্ত অঞ্চলত ১১০টা কোম্পানী মোতায়েন কৰা হ’ব। নদিয়া জিলাৰ কৃষ্ণনগৰ আৰক্ষী জিলাত ১৫৮টা আৰু ৰানাঘাট আৰক্ষী জিলাত ১২৭টা কোম্পানী নিয়োগ কৰা হ’ব। হুগলী জিলাৰ চন্দননগৰ আৰক্ষী আয়ুক্ত এলেকাত ৮৩টা আৰু হুগলী গ্ৰাম্য অঞ্চলত ২৩৪টা কোম্পানী নিয়োগ কৰা হ’ব। পূর্ব বর্ধমান জিলাৰ মুঠ ৪৪৬৫টা ভোটকেন্দ্ৰত কেন্দ্রীয় বাহিনীৰ ২৬০টা কোম্পানী নিয়োগ কৰা হ’ব ৷ পশ্চিম বৰ্ধমান জিলাৰ আছানছল-দুৰ্গাপুৰ আৰক্ষী আয়ুক্ত এলেকাত ১৯৫টা ভোটকেন্দ্ৰ। ইয়াত ১৩টা কোম্পানী নিয়োগ কৰা হ’ব। কলকাতা - ৰাজধানী কলকাতাৰ ৫১৭২টা ভোটকেন্দ্ৰত নিৰাপত্তাৰ বাবে নিয়োজিত হ’ব কেন্দ্ৰীয় বাহিনীৰ ২৭৩টা কোম্পানী। আয়োগে কয় যে কেন্দ্ৰীয় বাহিনীৰ প্ৰতিটো কোম্পানীত কমেও ৭২ জন জোৱান থাকিব। ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত গাইডলাইন জাৰি কৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande