যুদ্ধবিৰতি বৃদ্ধি কৰি ইৰাণৰ যৌথ প্ৰস্তাৱৰ বাবে অপেক্ষা ট্ৰাম্পৰ
–পাকিস্তানত আলোচনাৰ টেবুল খালী, ওচৰ চাপিছে লেবানন আৰু ইজৰাইল ৱাশ্বিংটন/তেহৰাণ/ইছলামাবাদ, ২২ এপ্ৰিল (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে অপ্ৰত্যাশিতভাৱে যুদ্ধবিৰতি ঘোষণা কৰিছে। তেওঁ বিচাৰে ইৰাণ পুনৰ আলোচনাৰ মেজলৈ ঘূৰি আহক। ইতিম
अमेरिकी राष्ट्रपति डोनाल्ड ट्रंप 21 अप्रैल को व्हाइट हाउस के स्टेट डाइनिंग रूम में। वो यहां एनसीएए कॉलेजिएट नेशनल चैंपियंस के कार्यक्रम में शामिल हुए।  फोटो - इंटरनेट मीडिया


–পাকিস্তানত আলোচনাৰ টেবুল খালী, ওচৰ চাপিছে লেবানন আৰু ইজৰাইল

ৱাশ্বিংটন/তেহৰাণ/ইছলামাবাদ, ২২ এপ্ৰিল (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে অপ্ৰত্যাশিতভাৱে যুদ্ধবিৰতি ঘোষণা কৰিছে। তেওঁ বিচাৰে ইৰাণ পুনৰ আলোচনাৰ মেজলৈ ঘূৰি আহক। ইতিমধ্যে ইছলামবাদত শান্তি আলোচনাৰ বাবে চকী-টেবুলৰ ব্যৱস্থা কৰা পাকিস্তানে আশা কৰিছে যে ট্ৰাম্পৰ শেহতীয়া স্থিতিয়ে ইৰাণৰ স্থিতি নৰম কৰিব। ৰাষ্ট্ৰপতি ট্ৰাম্পে মঙলবাৰে ঘোষণা কৰে যে ইৰাণৰ সৈতে যুদ্ধবিৰতিৰ সময়সীমা বৃদ্ধি কৰি আছে “যেতিয়ালৈকে তেওঁলোকৰ নেতা আৰু প্ৰতিনিধিয়ে যৌথ প্ৰস্তাৱ নোলোৱালৈকে”। এই বক্তব্যক তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হয়। ইয়াৰ পূৰ্বে তেওঁ কৈছিল যে যথেষ্ট হৈছে আৰু এতিয়া যুদ্ধবিৰতিৰ সময়সীমা বৃদ্ধি নকৰে। ইয়াৰ বিপৰীতে লেবানন আৰু ইজৰাইলৰ মাজত শান্তি আৰু মিলনৰ বাবে যথেষ্ট আশা আছে। বৃহস্পতিবাৰে দুয়ো আলোচনাৰ মেজত বহিব।

চিবিএছ নিউজ আৰু আল জাজিৰাৰ বাতৰি অনুসৰি ট্ৰাম্পে পূৰ্বে কৈছিল যে ইৰাণৰ সৈতে যুদ্ধৰ অন্ত পেলাবলৈ “এক উন্নত চুক্তি”ত উপনীত হ’ব বুলি আশা কৰিছে। তেওঁ যুক্তি আগবঢ়ায় যে তেহৰাণৰ হাতত নতুন ৰাউণ্ডৰ শান্তি আলোচনাত লিপ্ত হোৱাৰ বাহিৰে আন উপায় নাই, যদিও তাত চৰকাৰে এই সপ্তাহত পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া আলোচনাত অংশগ্ৰহণ কৰাৰ কোনো পৰিকল্পনা নাই বুলি উল্লেখ কৰিছে। ট্ৰাম্পে লগতে কয় যে যদি আমেৰিকাই অৱৰোধ উঠাই লয় তেন্তে ইৰাণৰ সৈতে কেতিয়াও কোনো চুক্তি হ’ব নোৱাৰে।

ৰাষ্ট্ৰপতি ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত পোষ্ট কৰিছিল যে ইৰাণে সঁচাকৈয়ে হৰমুজ জলদ্বীপ বন্ধ হোৱাটো নিবিচাৰে। তেওঁ কয় যে আমেৰিকাই ইয়াক বন্ধ কৰি দিছে, গতিকে তেওঁলোকে মুখ বচাবলৈ ভিত্তিহীন দাবী কৰিছে। তেওঁ কয়, চাৰিদিন পূৰ্বে কিছুমান লোকে মোৰ ওচৰলৈ আহি কৈছিল যে ইৰাণে বিচাৰে যে আমেৰিকাই তৎক্ষণাত হৰমুজ জলদ্বীপ মুকলি কৰক। মই কৈছিলো যে যদি মই তেনেকুৱা কৰো তেন্তে আমি তেওঁলোকৰ দেশৰ বাকী অংশ আৰু তেওঁলোকৰ নেতাসকলক উৰুৱাই নিদিলে ইৰাণৰ সৈতে কেতিয়াও চুক্তি হ'ব নোৱাৰে।

ইফালে, বৃহস্পতিবাৰে ৱাশ্বিংটনত ইজৰাইল আৰু লেবাননৰ মাজত দ্বিতীয় ৰাউণ্ডৰ ৰাষ্ট্ৰদূত পৰ্যায়ৰ আলোচনাৰ আয়োজন কৰিব আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ এজন বিষয়াই। বিষয়াগৰাকীয়ে কয় যে আমি দুয়োখন চৰকাৰৰ মাজত প্ৰত্যক্ষ আৰু আন্তৰিক আলোচনাৰ সুবিধা কৰি যাম। এই আলোচনাত আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’, ইজৰাইলত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত মাইক হাকাবি, আমেৰিকাত ইজৰাইলৰ ৰাষ্ট্ৰদূত য়েচিয়েল লেইটাৰ, লেবাননত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত মিচেল ইছা, আমেৰিকাত লেবাননৰ ৰাষ্ট্ৰদূত নাদা হামাদেহ আৰু বিদেশ মন্ত্ৰালয়ৰ পৰামৰ্শদাতা মাইক নিধম আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে ১৪ এপ্ৰিলত প্ৰথম ৰাউণ্ডৰ আলোচনা কৰা হৈছিল। ইয়াত ইজৰাইল আৰু লেবাননৰ মাজত ১০ দিনীয়া যুদ্ধবিৰতি চুক্তি হয়।

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ স্থিতি পৰিৱৰ্তনৰ মাজতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ডে কয় যে যুদ্ধবিৰতিৰ সময়তো সেনাবাহিনীৰ সকলো শাখা যুদ্ধৰ বাবে সাজু হৈ থাকে। কমাণ্ডৰ এটা ভিডিঅ’ ক্লিপত দেখা গৈছে যুঁজাৰু বিমান, জাহাজ আৰু আমেৰিকাৰ সৈন্য। প্ৰতিৰক্ষা সচিব পিট হেগছেথৰ সৈতে সংবাদমেলত কমাণ্ডাৰ এডমিৰেল ব্ৰেড কুপাৰকো দেখা গৈছে। সংবাদমেলত কুপাৰে কয় যে আমি নিজকে পুনৰ সজ্জিত কৰিছো । আমি পুনৰ সঁজুলি আৰু আমাৰ কৌশল আৰু প্ৰযুক্তিৰ নতুন ৰূপ দিছো । তেওঁ লগতে কয় যে আমাৰ দৰে পৰিস্থিতিৰ লগত খাপ খুৱাব পৰা কোনো সেনাবাহিনী পৃথিৱীত নাই আৰু এই যুদ্ধবিৰতিৰ সময়ত আমি ঠিক সেইটোৱেই কৰি আছো।

পাকিস্তানী বিষয়াসকলৰ মতে আমেৰিকাৰ “স্থিতি নৰম কৰা”ৰ প্ৰতি ইৰাণেও একে প্ৰকাৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব। তেওঁলোকে কয় যে বন্ধ দুৱাৰৰ আঁৰত প্ৰকৃত কূটনীতি চলি আছে। তেওঁলোকে আশা কৰিছে যে ইৰাণ পুনৰ আলোচনাৰ মেজলৈ আহিব। ইফালে পাকিস্তানে শান্তি আলোচনাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰিছে। ৰাজধানী ইছলামাবাদত বন্ধ হৈ আছে বিদ্যালয় আৰু কাৰ্যালয়। ৰেড জ’ন সম্প্ৰসাৰণ কৰা হৈছে। মধ্যস্থতাকাৰীসকলে এনে এক পৰিৱেশ সৃষ্টিৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছে য’ত দুয়োপক্ষই একত্ৰিত হৈ উমৈহতীয়া বিষয়সমূহৰ ওপৰত আলোচনা কৰিব পাৰে। উমৈহতীয়া বিষয়ত দুয়োপক্ষক একত্ৰিত কৰিবলৈ চেষ্টা চলাইছে পাকিস্তানে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande