
নতুন দিল্লী, ২২ এপ্ৰিল (হি.স.)। অলংকাৰ বজাৰত আগতীয়া ব্যৱসায়ৰ সময়ত একেৰাহে তৃতীয় দিনৰ বাবে সোণৰ মূল্য সামান্য হ্ৰাস পোৱা দেখা গৈছে । একেদৰে আজি ৰূপৰ দামো যথেষ্ট হ্ৰাস পোৱা গৈছে । এই হ্ৰাসৰ বাবে সমগ্ৰ দেশৰ বেছিভাগ অলংকাৰ বজাৰতে ২৪ কেৰেট সোণৰ ব্যৱসায় প্ৰতি ১০ গ্ৰামত ১,৫৫,৯৮০ ₹ৰ পৰা ১,৫৫,৯৮০ টকাৰ ভিতৰত চলি আছে । একেদৰে ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৪২,৩৩০ টকাৰ পৰা ১,৪২,৯৮০ টকাৰ ভিতৰত বিক্ৰী হৈছে । আনহাতে ৰূপৰ মূল্য আজি প্ৰতি কিলোগ্ৰামত ১০ হাজাৰ ₹ হ্ৰাস পাইছে। এই হ্ৰাসৰ বাবে আজি দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কিলোগ্ৰামত এই চিকচিকিয়া ধাতুৰ বিক্ৰী হৈছে ২,৬৪,৯০০ ₹ত।
দিল্লীত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৫৫,৪২০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪২,৪৮০ টকা । দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,৫৫,২৭০ টকা আৰু ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৪২,৩৩০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,৫৫,৩২০ টকা আৰু ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,৪২,৩৮০ টকা ।
এই বৃহৎ চহৰসমূহৰ বাহিৰেও চেন্নাইত ২৪ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামত ১,৫৫,৯৮০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেটৰ সোণ ১,৪২,৯৮০ টকাত বিক্ৰী হৈছে। একেদৰে কলকাতাতো ২৪ কেৰেটৰ সোণৰ দাম প্ৰতি ১০ গ্ৰামত ১,৫৫,২৭০ টকা আৰু ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪২,৩৩০ টকা। ভূপালত ২৪ কেৰেটৰ সোণৰ দাম প্ৰতি ১০ গ্ৰামত ১,৫৫,৩২০ টকা, আনহাতে ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪২,৩৮০ টকা।
লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামত ১,৫৫,৪২০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেটৰ সোণ ১,৪২,৪৮০ টকাত বিক্ৰী হৈছে। পাটনাত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৫৫,৩২০ টকা, আনহাতে প্ৰতি ১০ গ্ৰাম ২২ কেৰেটৰ সোণৰ মূল্য ১,৪২,৩৮০ টকা। জয়পুৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,৫৫,৪২০ টকা আৰু ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৪২,৪৮০ টকাত বিক্ৰী কৰা হৈছে ।
দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰতো সোণৰ মূল্য হ্ৰাস পোৱা দেখা গৈছে । এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত প্ৰতি ১০ গ্ৰাম ২৪ কেৰেটৰ সোণৰ মূল্য ১,৫৫,২৭০ টকা । একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৪২,৩৩০ টকাত বিক্ৰী কৰা হৈছে ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া