
কলকাতা, ২২ এপ্ৰিল (হি.স.)। বিজেপিৰ জ্যেষ্ঠ প্ৰচাৰক তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ২৭ এপ্ৰিললৈকে কলকাতাত থাকিব, যিটো অন্তিম পৰ্যায়ৰ ভোটদানৰ প্ৰচাৰৰ অন্তিম দিন। বুধবাৰে এই কথা সদৰি কৰিলে ৰাজ্যিক বিজেপিৰ এজন নেতাই। পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ২৯ এপ্ৰিলত অনুষ্ঠিত হ’ব । সোমবাৰে সামৰণি পৰিব প্ৰচাৰ অভিযান। ২৩ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়তো ৰাজ্যত উপস্থিত থাকিব শ্বাহ।
মঙলবাৰে গভীৰ নিশা নিউ টাউনৰ বিজেপিৰ কাৰ্যালয়ত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সন্দৰ্ভত এক কৌশলগত বৈঠক অনুষ্ঠিত কৰে অমিত শ্বাহে। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া অঞ্চলসমূহৰ পৰা জিলা সভাপতি, জিলা প্ৰভাৰী আৰু প্ৰবাসী জিলা প্ৰভাৰীসকলৰ সৈতে আলোচনা কৰে। এই বৈঠকত মুঠ ১৩খন সাংগঠনিক জিলা সামৰি লোৱা চাৰিটা সাংগঠনিক অঞ্চলৰ দায়িত্বত থকা নেতাসকলে অংশগ্ৰহণ কৰে। শ্বাহৰ সৈতে কেন্দ্ৰীয় দলৰ নেতা ভূপেন্দ্ৰ যাদৱ, বিপ্লৱ দেৱ, সুনীল বংশাল, আৰু অমিত মালব্যও উপস্থিত থাকে।
সূত্ৰ অনুসৰি মঙলবাৰে নিশা প্ৰায় ৯:৪৫ বজাৰ পৰা আৰম্ভ হোৱা বৈঠকখন মাজ নিশা ২:০৫ বজাত সামৰণি পৰে। খবৰ অনুসৰি অমিত শ্বাহে এই ১৩খন জিলাৰ অন্তৰ্গত প্ৰতিখন বিধানসভাৰ আসন পৃথকে পৃথকে পৰ্যালোচনা কৰিছিল। বৈঠকত প্ৰতিটো বিধানসভা সমষ্টিৰ পৰিস্থিতি, সংখ্যালঘু ভোটাৰৰ প্ৰভাৱ, বিশেষ গভীৰ পৰ্যালোচনাৰ অন্তত পৰিস্থিতি কেনেদৰে সলনি হৈছে, ক’ত জয়ৰ সম্ভাৱনা প্ৰবল আৰু ক’ত পৰিস্থিতি প্ৰত্যাহ্বানমূলক সেই বিষয়ে বিতংভাৱে আলোচনা কৰা হয়।
সূত্ৰসমূহে জনোৱা মতে, এই ক্ষেত্ৰসমূহৰ ওপৰত অমিত শ্বাহৰ নিজা প্ৰতিবেদন আছে যদিও তৃণমূল পৰ্যায়ত দায়িত্ব চম্ভালি থকা নেতাসকলৰ পৰা প্ৰত্যক্ষ তথ্যৰ ভিত্তিত তেওঁ পৰিস্থিতিৰ মূল্যায়ন কৰে। সভাত উপস্থিত থকা এজন নেতাই নাম প্ৰকাশ নকৰাকৈয়ে কয় যে অমিত শ্বাহে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো সমষ্টিত বুথ পৰ্যায়ত সংগঠনটোক শক্তিশালী কৰাটো নিশ্চিত কৰাৰ লগতে পূৰ্ণাংগ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহ্বান জনায়। শ্বাহে উল্লেখ কৰে যে কেন্দ্ৰীয় নেতৃত্বই বংগ সাংগঠনিক এককৰ সৈতে সম্পূৰ্ণ শক্তিৰে থিয় দিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া