
বাক্সা, ২২ এপ্ৰিল (হি.স.): বহিঃ ৰাজ্যত অসমৰ এজন যুৱকৰ মৃত্যু হয় । মৃত্যু হোৱা যুৱকজনৰ নাম ৰূপম দাস বুলি জানিব পৰা গৈছে । ৰূপমৰ ঘৰ বাক্সাৰ বাদুলিপাৰাত বুলি কোৱা হৈছে ।
কৰ্মসূত্ৰে বহিঃ ৰাজ্য তামিলনাডুৰ এটি ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল যুৱকজন । যোৱা দুদিন পূৰ্বে এটিএমত টকা উলিয়াবলৈ গৈ থকা অৱস্থাত এক বাইক দুৰ্ঘটনাত পতিত হৈছিল দুই বন্ধু ক্ৰমে ৰূপম দাস আৰু হীৰক দাস। ইয়াৰে হীৰক দাস চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বুলি পৰিয়ালৰ সূত্ৰে জানিব পৰা গৈছে।
আনপিনে অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান আছিল ৰূপম দাস । পৰিয়ালটোৱে ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাৰ খৰছ দিব নোৱাৰাত মৃতদেহটো স্ব-গৃহলৈ আনিবলৈ মাটি বিক্ৰী কৰিবলগীয়া হৈছে।অসম চৰকাৰক এই দুৰ্ভগীয়া পৰিয়ালটোৰ যুৱক জনৰ মৃতদেহটো স্ব-গৃহলৈ আনি দিবলৈ আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ