ৰঙিয়াৰ এজন বিশিষ্ট চিত্ৰশিল্পী
চিত্ৰ কলাত আছে তেওঁৰ অফুৰন্ত হেঁপাহ।
ৰঙিয়াৰ এজন বিশিষ্ট চিত্ৰশিল্পী


কামৰূপ ২২ এপ্ৰিল (হি.স.): ৰঙিয়াৰ এজন বিশিষ্ট চিত্ৰশিল্পীয়ে তেওঁৰ কৰ্মৰাজিৰে সমাদৃত হৈছে। ৰঙিয়া ষ্টেচন ৰোডত থকা চম্ভু আৰ্ট নামৰ প্ৰতিষ্ঠান খনৰ স্বত্বাধিকাৰী তথা বিশিষ্ট চিত্ৰশিল্পী চম্ভু লালে ইতিমধ্যেই চিত্ৰ কলাৰ জৰিয়তে অসমৰ বহু কেইজন বিশিষ্ট ব্যাক্তিৰ ছবি হুবহু অংকণ কৰি উলিওৱাৰ লগতে প্ৰকৃতিৰ ওপৰত অংকণ কৰি উলিয়াইছে তেওঁ বহু কেইখন সুন্দৰ সুন্দৰ আলোকচিত্ৰ। বিশেষকৈ অসমীয়াৰ স্বভিমান গামোচাখনত তেওঁ অংকণ কৰি উলিয়াইছে অসমীয়া হাৰ্টথ্ৰব জুবিন গাৰ্গৰ হুবহু প্ৰতিচ্ছবি যাৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই বিশেষ গামোচাখন।

কোনোধৰণৰ আনুষ্ঠানিক প্ৰশিক্ষণ নোলোৱা চম্ভু লালৰ পিতৃ আছিল ৰে'ল বিভাগৰ এজন সাধাৰণ পেইন্টাৰ । পিতৃক অনুসৰণ কৰিয়েই তেওঁ চলাই গৈছিল তেওঁৰ এই চিত্ৰকলাৰ যাত্ৰা আৰু আজি তেওঁ এজন সফল চিত্ৰশিল্পী । গতিকে ইচ্ছা আৰু একগ্ৰতা থাকিলে সকলো যেন সম্ভৱ তাৰেই যেন প্ৰমাণ কৰি দেখুৱালে চিত্ৰশিল্পী চম্ভু লালে । চিত্ৰশিল্পী চম্ভু লালৰ এই আদৰ্শ তথা তেওঁৰ এই প্ৰতিভাই যথেষ্ট উৎসাহিত কৰি তুলিব আজিৰ ন ন কলা কুশলী সকলক।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande