
বিশ্বনাথ, ২১ এপ্ৰিল (হি.স.)। চতিয়াৰ নাগশংকৰৰ পুৰণি ৰেল ষ্টেচনৰ ৰেল লাইনত কাষত উদ্ধাৰ কৰা হৈছে এটা ক্ষতবিক্ষত মৃতদেহ।
ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহটো।
বাতৰি লিখাৰ পৰলৈ মৃতদেহটো চিনাক্ত হোৱা নাই। আৰক্ষীয়ে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ লগতে লোকজনৰ পৰিচয় তথা লোকজনৰ মৃৃত্যু কিদৰে ঘটিল সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।ব্যক্তিজনক ৰেলে মহতিয়াই নিয়াৰ ফলতেই এইদৰে মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু