ছয়গাঁৱত ধুমুহাৰ উভালি পৰা গছে হেচা মাৰি ধৰাত এজন নিহত
কামৰূপ, ২১ এপ্ৰিল (হি.স.)। দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ পাঁচগুমী আঞ্চলিক ৰঙালী বিহুত এক অঘটন সংঘটিত হয় ৷ নিশা ৰাজ্য়ৰ বিভিন্ন স্থানত অহা এজাক প্ৰচণ্ড ধুমুহাত বিহুতলীৰ এডাল প্ৰকাণ্ড গছ উভালি এজন যুৱকক হেচা মাৰি ধৰে ৷ ফলত ৰাইজে ততাতৈয়াকৈ যুৱকজনক গছ ডালৰ তল
ছয়গাঁৱত ধুমুহাৰ উভালি পৰা গছে হেচা মাৰি ধৰাত এজন নিহত


কামৰূপ, ২১ এপ্ৰিল (হি.স.)। দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ পাঁচগুমী আঞ্চলিক ৰঙালী বিহুত এক অঘটন সংঘটিত হয় ৷ নিশা ৰাজ্য়ৰ বিভিন্ন স্থানত অহা এজাক প্ৰচণ্ড ধুমুহাত বিহুতলীৰ এডাল প্ৰকাণ্ড গছ উভালি এজন যুৱকক হেচা মাৰি ধৰে ৷ ফলত ৰাইজে ততাতৈয়াকৈ যুৱকজনক গছ ডালৰ তলৰ পৰা উদ্ধাৰ কৰে যদিও মুৰত অতি বেয়া ধৰণে আঘাটপ্ৰাপ্ত যুৱক জনৰ চিকিতসালয়ত ভৰ্তি কৰাৰ পুৰ্বে মৃত্য়ুমুখত পৰে।

নিহত যুৱক জনক বকো থানাৰ অন্তৰ্গত জামবাৰীৰ ভাস্কৰ কলিতা বুলি জানিব পৰা গৈছে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande