
কলকাতা, ২১ এপ্ৰিল (হি.স.)। পশ্চিমবংগ বিধানসভা নিৰ্বাচন ২০২৬ৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰৰ অন্তিম দিনা মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দাৰ্জিলিঙৰ কাৰ্চিয়ঙত ৰাজহুৱা সভাত ভাষণ দি ৰাজ্য চৰকাৰক আক্ৰমণ কৰে। গোৰ্খা জনগোষ্ঠীৰ সমস্যা, নাৰীৰ সুৰক্ষা, অনুপ্ৰৱেশ বন্ধ কৰা, উত্তৰ বংগৰ উন্নয়ন সন্দৰ্ভত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি দিছিল।
অমিত শ্বাহে দাবী কৰে যে এইবাৰ ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যত চৰকাৰ গঠন কৰিব, আৰু মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰখনক উৎখাত কৰাটো নিশ্চিত। তেওঁ কয় যে জনসাধাৰণ পৰিৱৰ্তনৰ বাবে সাজু আৰু আগন্তুক নিৰ্বাচনে ৰাজ্যখনৰ দিশ নিৰ্ধাৰণ কৰিব।
গোৰ্খা সম্প্ৰদায়লৈ আশ্বাস
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বিজেপি চৰকাৰ গঠন হ’লে গোৰ্খা জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰা হ’ব। লগতে তেওঁ দাবী কৰে যে শীঘ্ৰে এনে এটা সমাধানৰ সন্ধান পোৱা যাব যিয়ে গোৰ্খা জনগোষ্ঠীক সন্তুষ্ট কৰিব আৰু তেওঁলোকৰ অধিকাৰৰ সুৰক্ষা সুনিশ্চিত কৰিব।
তেওঁ অভিযোগ কৰে যে কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে বছৰ বছৰ ধৰি দাৰ্জিলিং আৰু গোৰ্খা জনগোষ্ঠীৰ সৈতে ন্যায় নকৰিলে, যাৰ ফলত অঞ্চলটো উন্নয়নৰ পৰা বঞ্চিত হৈছে।
লগতে তেওঁ কয় যে যদিহে একাংশ গোৰ্খা ভোটাৰৰ নাম নিৰ্বাচনৰ তালিকাৰ পৰা আঁতৰাই দিয়া হৈছে, তেন্তে নিৰ্বাচনৰ পিছত তেওঁলোকক পুনৰ সংযোজন কৰা হ’ব, আৰু প্ৰতিজন যোগ্য ভোটাৰক তেওঁলোকৰ অধিকাৰ দিয়া হ’ব।
অনুপ্ৰৱেশ আৰু নিৰাপত্তাৰ ওপৰত গুৰুত্ব
অমিত শ্বাহে ৰাজ্যখনৰ পৰা অবৈধ অনুপ্ৰৱেশ আৰু ৰোহিংগীয়া উপাদানসমূহ নিৰ্মূল কৰিবলৈ আহ্বান জনাই ইয়াক এক গুৰুতৰ ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত বিষয় বুলি অভিহিত কৰে। সীমান্তৱৰ্তী অঞ্চলত সতৰ্কতা বৃদ্ধি কৰি দেশৰ নিৰাপত্তা সুনিশ্চিত কৰিব বুলিও তেওঁ কয়।
মহিলাৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰি তেওঁ কয় যে ৰাজ্যত মহিলাৰ বিৰুদ্ধে অপৰাধৰ ঘটনা বৃদ্ধি পাইছে। বিজেপি চৰকাৰ গঠন হ’লে এনে অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ লগতে আইন-শৃংখলা সুদৃঢ় হ’ব বুলি আশ্বাস দিয়ে ৷
উত্তৰ বংগৰ উন্নয়নৰ ওপৰত গুৰুত্ব
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উত্তৰ বংগত কেন্দ্ৰীয় চৰকাৰে কেইবাখনো গুৰুত্বপূৰ্ণ উন্নয়নমূলক আঁচনি আৰম্ভ কৰিছে বুলি উল্লেখ কৰে। তেওঁ কয় যে বন্দে ভাৰত ৰে’ল সেৱা সম্প্ৰসাৰণ কৰা হৈছে, চেভোকে-ৰংপো ৰে’ল প্ৰকল্প চূড়ান্ত পৰ্যায়ত আছে, আৰু নিউ জলপাইগুৰি ৰে’ল ষ্টেচন দ্ৰুতগতিত আধুনিকীকৰণ কৰা হৈছে।
তেওঁ লগতে কয় যে উত্তৰ বংগক পৰ্যটন, সংযোগ, উদ্যোগৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ বাবে কেইবাখনো নতুন আঁচনি ৰূপায়ণ কৰা হ’ব।
উল্লেখযোগ্য যে ২৩ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে প্ৰচাৰৰ অন্তিম দিনা ৰাজ্যত চাৰিখন ৰাজহুৱা সভা অনুষ্ঠিত হোৱাৰ কথা অমিত শ্বাহে কুৰ্চেয়ং, কুলটি, শালবাণী, আৰু চণ্ডীপুৰত সভাত ভাষণ দিব। সকলোৰে দৃষ্টি এতিয়া প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰু পৰৱৰ্তী নিৰ্বাচনৰ ফলাফলৰ ওপৰত।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া