লামডিঙত অচিনাক্ত মৃতদেহ উদ্ধাৰ
হোজাই, ২১ এপ্ৰিল (হি.স.)। হোজাই জিলাৰ লামডিঙত এটি অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰা হৈছে । লামডিং ইটাভাটা চাৰিআলিৰ সম্মুখত এই অচিনাক্ত মৃতদেহটো উদ্ধাৰ কৰে আৰক্ষীয়ে । প্ৰত্যক্ষ দৰ্শীৰ ভাষ্য় অনুসৰিয়েই অচিনাক্ত ব্যক্তি গৰাকীয়ে আবেলি ভাগৰ পৰা ঘুৰি- ফুৰি
লামডিঙত অচিনাক্ত মৃতদেহ উদ্ধাৰ


হোজাই, ২১ এপ্ৰিল (হি.স.)। হোজাই জিলাৰ লামডিঙত এটি অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰা হৈছে । লামডিং ইটাভাটা চাৰিআলিৰ সম্মুখত এই অচিনাক্ত মৃতদেহটো উদ্ধাৰ কৰে আৰক্ষীয়ে ।

প্ৰত্যক্ষ দৰ্শীৰ ভাষ্য় অনুসৰিয়েই অচিনাক্ত ব্যক্তি গৰাকীয়ে আবেলি ভাগৰ পৰা ঘুৰি- ফুৰি আছল । খবৰ পাই লামডিং আৰক্ষীয়ে আহি অচিনাক্ত ব্যক্তি গৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে । মৃত ব্যক্তি গৰাকী ভিখাৰী হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ।

পিছত আৰক্ষীয়ে মৃত লোকজনৰ শৰীৰটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande