হাজোৰ বৰ্নি গাঁও পঞ্চায়তত উত্তপ্ত পৰিস্থিতি
কামৰূপ, ২১ এপ্ৰিল (হি.স.)। হাজোৰ বৰ্নি গাঁও পঞ্চায়তত উত্তপ্ত পৰিস্থিতি। সভানেত্রী নাৰ্জীনা ইয়াছমিনৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ। প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা ঘৰৰ জিঅ টেগৰ নামত ধন বিচৰাৰ অভিযোগ পঞ্চায়ত সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে। জিঅ টেগৰ নামত সভানেত্রীয়ে দ
হাজোৰ বৰ্নি গাঁও পঞ্চায়তত উত্তপ্ত পৰিস্থিতি


কামৰূপ, ২১ এপ্ৰিল (হি.স.)। হাজোৰ বৰ্নি গাঁও পঞ্চায়তত উত্তপ্ত পৰিস্থিতি। সভানেত্রী নাৰ্জীনা ইয়াছমিনৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ।

প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা ঘৰৰ জিঅ টেগৰ নামত ধন বিচৰাৰ অভিযোগ পঞ্চায়ত সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে। জিঅ টেগৰ নামত সভানেত্রীয়ে দহ হাজাৰ টকা বিচৰাৰ অভিযোগ ৰাইজৰ। বিচৰা ধন নিদিলে জিঅ টেগ নকৰাৰ অভিযোগ।পঞ্চায়ত খনত উপস্থিতি হৈ স্থানীয় ৰাইজে জবাবদিহি কৰিলে সভানেত্রীৰ লগতে পঞ্চায়ত সচিবক।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande