চুক্তিত উপনীত হ’বলৈ ইৰাণৰ ওপৰত কোনো হেঁচা নাইঃ ট্ৰাম্প
ৱাশ্বিংটন/তেহৰাণ, ২১ এপ্ৰিল (হি.স.)। সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে বুধবাৰৰ পৰা ইছলামাবাদত আৰম্ভ হ’বলগীয়া দ্বিতীয় ৰাউণ্ডৰ আলোচনাত ইৰাণক অংশগ্ৰহণৰ বাবে কোনো ধৰণৰ হেঁচা নাই। এই আলোচনাত আমেৰিকাৰ পক্ষৰ নেতৃত্ব দিব উপ-ৰাষ্ট্ৰপতি জ
6ad5d29de368db3dcf6f9d8e133a223a_1085015639.jpg


ৱাশ্বিংটন/তেহৰাণ, ২১ এপ্ৰিল (হি.স.)। সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে বুধবাৰৰ পৰা ইছলামাবাদত আৰম্ভ হ’বলগীয়া দ্বিতীয় ৰাউণ্ডৰ আলোচনাত ইৰাণক অংশগ্ৰহণৰ বাবে কোনো ধৰণৰ হেঁচা নাই। এই আলোচনাত আমেৰিকাৰ পক্ষৰ নেতৃত্ব দিব উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে। এই আলোচনা সন্দৰ্ভত ইৰাণৰ মন্তব্যৰ পিছতে ট্ৰাম্পৰ এই মন্তব্য আহিছে । ইৰাণে ইছলামাবাগৰ আলোচনাত অংশগ্ৰহণ কৰাৰ কোনো পৰিকল্পনা নাই বুলি উল্লেখ কৰিছে।

আমেৰিকাৰ সামৰিক ব্যৱস্থাৰ বাবে সপ্তাহৰ শেষৰ ফালে হৰমুজ জলদ্বীপত উত্তেজনা বৃদ্ধি পায়। ইৰাণৰ এখন জাহাজত গুলীচালনা কৰি জব্দ কৰে আমেৰিকান বাহিনীয়ে। ইয়াৰ পিছতে তেহৰানে নিজৰ বন্দৰ আৰু ৰপ্তানিৰ ওপৰত চলি থকা অৱৰোধৰ মাজতে কূটনৈতিক আলোচনা গ্ৰহণ কৰিবলৈ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰে । সাত সপ্তাহজোৰা সংঘাতৰ কূটনৈতিক সমাধানৰ কোনো স্পষ্ট পথ নোহোৱাকৈ পৰিস্থিতি অধিক জটিল হৈ পৰিছে । চলিত সপ্তাহত আমেৰিকা-ইৰাণৰ যুদ্ধবিৰতিৰ পতন আৰু হৰমুজ জলদ্বীপ পুনৰ মুকলি কৰাৰ অনিশ্চয়তাৰ বাবে বিশ্বজুৰি তেলৰ মূল্য বৃদ্ধি হোৱাৰ ফলত আমেৰিকাৰ শ্বেয়াৰ বজাৰত চাপ পৰিছে ।

চিবিএছ নিউজৰ এক প্ৰতিবেদন অনুসৰি ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে ইৰাণৰ ওপৰত চুক্তিত উপনীত হ’বলৈ “একো হেঁচা” নাই। সোমবাৰে সন্ধিয়া তেওঁ লগতে কয় যে ইৰাণৰ পৰা সমৃদ্ধ ইউৰেনিয়াম লাভ কৰাটো এটা “দীঘলীয়া আৰু কঠিন প্ৰক্ৰিয়া” হ’ব । ট্ৰাম্পে উল্লেখ কৰে যে যোৱা বছৰ আমেৰিকাই তেহৰাণৰ পাৰমাণৱিক সুবিধাসমূহ আক্ৰমণ কৰাৰ পিছত পৰিস্থিতিৰ যথেষ্ট পৰিৱৰ্তন হৈছে । গতিকে ইৰাণৰ পৰা ইউৰেনিয়াম লাভ কৰাটো এটা দীঘলীয়া আৰু কঠিন প্ৰক্ৰিয়া হ'ব । তেওঁ ট্ৰুথ ছ’চিয়েলত লিখিছে, অপাৰেচন মিডনাইট হামাৰৰ অধীনত ইৰাণৰ পাৰমাণৱিক ধূলিৰ স্থান সম্পূৰ্ণৰূপে ধ্বংস হৈছিল । গতিকে এতিয়া ইয়াক মাটিৰ পৰা খান্দি উলিওৱাটো অতি কঠিন।

আমেৰিকাৰ অভিযোগ যে ইৰাণে এই ইউৰেনিয়ামক পাৰমাণৱিক বোমা নিৰ্মাণত ব্যৱহাৰ কৰিবলৈ মজুত কৰি ৰাখিছে । যদিও ট্ৰাম্পে বিশ্বাস কৰে যে ইৰাণৰ সমৃদ্ধ ইউৰেনিয়ামৰ মজুত অৱশেষত আমেৰিকাৰ ভূখণ্ডলৈ হস্তান্তৰ কৰা হ’ব, তথাপিও ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ে এনে কোনো পৰিকল্পনাক স্পষ্টভাৱে নাকচ কৰিছে । ইজৰাইলৰ বিষয়াসকলে উল্লেখ কৰিছে যে যোৱা জুন মাহত ১২ দিনীয়া যুদ্ধৰ অন্ত পৰাৰ পিছত তেহৰানে পাৰমাণৱিক অস্ত্ৰ আহৰণৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে । মন কৰিবলগীয়া যে এই যুদ্ধ ইজৰাইলে আৰম্ভ কৰিছিল, আৰু আমেৰিকাই এটা সমৃদ্ধি কেন্দ্ৰকে ধৰি তিনিটা পাৰমাণৱিক স্থানত বোমা বিস্ফোৰণ কৰিছিল।

যোৱা নিশা সন্ধিয়া ট্ৰাম্পেও সকীয়াই দিছিল যে যদিহে ইৰাণে আলোচনা নকৰে তেন্তে ইৰাণে আগতে কেতিয়াও দেখা নোপোৱা সমস্যাৰ সন্মুখীন হ’ব । ইয়াৰ পূৰ্বে তেওঁ ভৱিষ্যদ্বাণী কৰিছিল যে ইৰাণে আমেৰিকাৰ সৈতে আলোচনা কৰিব, কিন্তু তেনে নকৰিলে ইয়াৰ ভয়াৱহ পৰিণতি হ’ব । তেওঁ পুনৰ কয় যে ইৰাণ যুদ্ধৰ অন্ত পৰাৰ অতি ওচৰ চাপিছে । ট্ৰাম্পে কয় যে উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স, জ্যেষ্ঠ দূত ষ্টিভ উইটকফ আৰু জোঁৱাই জেৰেড কুছনাৰে আমেৰিকা-ইৰাণৰ শান্তি আলোচনাৰ আন এক সম্ভাৱ্য ৰাউণ্ডৰ বাবে পাকিস্তানলৈ যাত্ৰা কৰিব ।

ইৰাণৰ সংসদৰ অধ্যক্ষ মহম্মদ বাঘেৰ গালিবাফে সোমবাৰে ৰাষ্ট্ৰপতি ট্ৰাম্পক পোনপটীয়াকৈ সকীয়াই দি কয় যে যেতিয়ালৈকে ইৰাণ ভাবুকিৰ সন্মুখীন হৈ থাকিব তেতিয়ালৈকে আমেৰিকাৰ সৈতে আলোচনা গ্ৰহণ নকৰে । তেওঁ কয় যে অৱৰোধ আৰোপ কৰি আৰু যুদ্ধবিৰতি উলংঘা কৰি ট্ৰাম্পে আলোচনাৰ টেবুলখনক আত্মসমৰ্পণৰ টেবুললৈ ৰূপান্তৰিত কৰিব বিচাৰে, বা আন এখন যুদ্ধৰ উত্তেজনা সৃষ্টি কৰাৰ প্ৰচেষ্টাক ন্যায্যতা প্ৰদান কৰিব বিচাৰে । তেওঁ লগতে কয় যে আমি কোনো ভাবুকিৰ ছাঁত আলোচনা গ্ৰহণ নকৰো আৰু যোৱা দুসপ্তাহত আমি যুদ্ধৰ বাবে নিজকে প্ৰস্তুত কৰিছো ।

উল্লেখযোগ্য যে যোৱা ১১ এপ্ৰিলত পাকিস্তানৰ ইছলামাবাদত অনুষ্ঠিত হোৱা শান্তি আলোচনাত গালিবাফে ইৰাণৰ প্ৰতিনিধি দলটোক নেতৃত্ব দিছিল । ইফালে ইৰাণ চৰকাৰে মালবাহী জাহাজ আৰু ক্ৰুসকলক আমেৰিকাৰ পৰা মুকলি কৰি দিবলৈ দাবী জনাইছে ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande