
কাঠমাণ্ডু, ২১ এপ্ৰিল (হি.স.)। নেপাল ভ্ৰমণলৈ অহা আমেৰিকাৰ সহকাৰী বিদেশ সচিব সমীৰ পল কাপুৰে ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টি (আৰএছপি)ৰ সভাপতি ৰবি লামিচানেৰ সৈতে সাক্ষাৎ কৰে। কাঠমাণ্ডুত উপস্থিত হোৱাৰ লগে লগে তেওঁ প্ৰথমে লামিচানেক লগ পায়।
এই বৈঠক সন্দৰ্ভত মঙলবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ ব্যুৰো অৱ চাউথ এছিয়া এণ্ড চেণ্ট্ৰেল এছিয়া এফেয়াৰ্ছৰ জৰিয়তে কাপুৰে নিজৰ বিবৃতি প্ৰকাশ কৰে।
তেওঁ উল্লেখ কৰে যে তেওঁ আৰ এছ পিৰ অগ্ৰাধিকাৰ আৰু নেপাল-আমেৰিকাৰ সহযোগিতাৰ ক্ষেত্ৰসমূহৰ বিষয়ে ৰবি লমিচানেৰ সৈতে আলোচনা কৰে। কাপুৰে কয় যে নতুন চৰকাৰত ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ অগ্ৰাধিকাৰ বুজিবলৈ আৰু নেপাল-আমেৰিকাৰ সহযোগিতাৰ ক্ষেত্ৰসমূহৰ বিষয়ে আলোচনা কৰিবলৈ কাঠমাণ্ডুত আৰ এছ পিৰ সভাপতি ৰবি লামিচানেৰ সৈতে সাক্ষাৎ কৰি আনন্দিত হৈছিলো ।
সোমবাৰে পুৱা কাঠমাণ্ডুত উপস্থিত হোৱাৰ লগে লগে কাপুৰে ৰাজনৈতিক বৈঠক আৰম্ভ কৰে। আহি পোৱাৰ লগে লগে নেপালত থকা আমেৰিকাৰ দূতাবাসৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰদূতে তেওঁক এই বিষয়ে অৱগত কৰে। অলপ পিছতে আৰ এছ পিৰ সভাপতি ৰবি লামিচানেক সাক্ষাৎ কৰিবলৈ যায় ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া