
গুৱাহাটী, ২১ এপ্ৰিল (হি.স.)। ৰাজধানী গুৱাহাটীত এদিনীয়া মুষলধাৰ বৰষুণৰ ফলত ব্যাপক পানী জমা হোৱাৰ মাজতে মঙলবাৰে উদ্ধাৰ হয় তিনিটা মৃতদেহ। ইয়াৰ লগে লগে দিনটোৰ বৰষুণৰ ফলত গুৱাহাটীৰ বিভিন্ন প্ৰান্তত উদ্ধাৰ হোৱা মুঠ মৃতদেহৰ সংখ্যা চাৰিটালৈ বৃদ্ধি পালে।
তথ্য অনুসৰি আজি পুৱা সৌকুচিৰ বশিষ্ঠ নদীৰ পৰা উদ্ধাৰ কৰে ৰাজধানীৰ হাতীগাঁৱৰ নাটবোমা অঞ্চলৰ নিবাসী আখতাৰ আলীৰ মৃতদেহ। ইফালে, জ্যোতিকুছি অঞ্চলৰ মৰা ভৰলু নদীৰ পৰা উদ্ধাৰ কৰে দ্বিতীয়টো মৃতদেহ, যাৰ নাম ৰাজধানী দাতালপাৰাৰ বাসিন্দা অসীম কলিতা। পামাহীৰ লাচিতগড়ৰ মাধুৰ্য ৰাভাৰ ঘৰৰ সমীপত উদ্ধাৰ হয় তৃতীয় মৃতদেহ। শেষৰটো প্ৰতিবেদন নোপোৱালৈকে মৃতদেহটো চিনাক্ত হোৱা নাছিল।
একেদৰে ১৯ এপ্ৰিলত ৰাজধানীৰ মালিগাঁও অঞ্চলত ধাৰাসাৰ বৰষুণ আৰু ব্যাপক পানী জমা হোৱাৰ মাজতে পয়াল নাথ নামৰ এগৰাকী মহিলা নলাত উটি যায়। ২০ এপ্ৰিলৰ পুৱা নলাৰ পৰা উদ্ধাৰ কৰা হয় তাইৰ মৃতদেহ।
১৯ এপ্ৰিলত হোৱা প্ৰচণ্ড বৰষুণৰ পিছত গুৱাহাটীত ব্যাপক পানী জমা হোৱাৰ বাবে ফুটপাথৰ মুকলি মেনহ’লত উটি যায় এগৰাকী মহিলা। তদন্ত অব্যাহত আছে। ঘটনাস্থলীত আৰক্ষী আৰু ফৰেনছিক দল উপস্থিত হৈ মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
এদিন বৰষুণত ৪ জন লোকৰ মৃত্যুৰ ঘটনাই প্ৰশাসনৰ প্ৰস্তুতিৰ অভাৱ উদঙাই দিছে। এই ঘটনাক লৈ ৰাজনৈতিক দল আৰু অন্যান্য সংগঠনসমূহে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দোষীক চিনাক্ত কৰি শাস্তি প্ৰদানৰ দাবী জনাইছে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী