
সংসদৰ ৭৪ গৰাকী মহিলা সাংসদৰ ৩১ গৰাকী বিজেপিৰ আৰু কেৱল ১৪ গৰাকীহে কংগ্ৰেছৰ
গুৱাহাটী, ২১ এপ্ৰিল (হি.স.)। ভাৰতবৰ্ষৰ মহিলাসকলৰ ৰাজনৈতিক অংশীদাৰিত্ব বৃদ্ধিৰ হেঙাৰ স্বৰূপে থিয় হোৱা কংগ্ৰেছ নেতৃত্বাধীন জোঁটবন্ধনৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টিয়ে দেশজুৰি অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী৷ অসম ৰাজ্যিক বিজেপিয়েও অহা ২৩ এপ্ৰিল ২০২৬ তাৰিখে সমগ্ৰ ৰাজ্যজুৰি ৰূপায়ণ কৰিবলগীয়া “মহিলা আক্ৰোশ¸” বিক্ষোভ কাৰ্যসূচীৰ বাবে সকলো জিলা, মণ্ডল তথা বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাসকল সাজু হৈছে ৷ ইতিমধ্যে উক্ত প্ৰতিবাদী কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰিবলৈ গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, বিটিচি পাৰিষদ ৰেখাৰাণী দাস বড়ো, প্ৰাক্তন সাংসদ কুইন ওজা, দলৰ সাধাৰণ সম্পাদক অনুপ বৰ্মণকে ধৰি ২৬ গৰাকী ব্যক্তিক ৰাজ্যিক বিজেপিয়ে বিশেষ দায়িত্ব অৰ্পন কৰিছে ৷
খোদ ৰাজ্যিক সভাপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই দলৰ মুখ্য কাৰ্যালয়ত গুৱাহাটী মহানগৰ জিলাৰ বিষয়ববীয়া সকলৰ লগত বিশেষ বৈঠক অনুষ্ঠিত কৰি সমগ্ৰ বিষয়টো সম্পূৰ্ণভাৱে তদাৰক কৰি আছে ৷ লগতে সভাপতি গৰাকীয়ে কংগ্ৰেছৰ নাৰী-বিদ্বেষী সিদ্ধান্তৰ বিৰুদ্ধে সকলো মহিলাক একত্ৰিত হ’বলৈ আহ্বান জনাই দলৰ সকলো কাৰ্যকৰ্তাক তীব্ৰ প্ৰতিৰোধ গঢ়ি তুলিবলৈও নিৰ্দেশনা প্ৰদান কৰিছে ৷ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা প্ৰেৰণ কৰা এক বিবৃতিযোগে দলৰ মুখপাত্ৰ প্ৰাঞ্জল কলিতাই কয় যে দেশ আৰু জনসাধাৰণৰ কল্যাণৰ বাবে ৰূপায়ণ কৰা প্ৰতিটো কামৰে বিৰোধীতা কৰাটো কংগ্ৰেছৰ মূল সংস্কৃতি ৷ কেৱল “নাৰী বন্দন সংশোধন বিধেয়ক ২০২৬”ৰ বিৰোধীতাৰে দেশৰ নাৰী সমাজৰ বিৰোধীতা কৰাই নহয় ইয়াৰ পূৰ্বে কংগ্ৰেছে ৩৭০ ধাৰা, ‘কা’ আইন, ৰাম মন্দিৰ নিৰ্মাণ, তিনি তালাক সমাপ্ত, নক্সালবাদ সমাপ্ত, চাৰ্জিকেল ষ্ট্ৰাইক, এয়াৰ ষ্ট্ৰাইক, অপাৰেচন সিন্দুৰ আদিৰ বিৰোধীতাৰে সদায় দেশৰ স্বাৰ্থৰ বিপৰীতে অৱস্থান কৰিছে৷
বৰ্তমান সংসদত থকা ৭৪ গৰাকী মহিলা সাংসদৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টিৰ ৩১ গৰাকী সাংসদ থকাৰ বিপৰীতে কংগ্ৰেছৰ কেৱল মাত্ৰ ১৪ গৰাকীহে মহিলা সাংসদ আছে ৷ তাৰ পিছতো কংগ্ৰেছ তথা বামপন্থী ইক’চিষ্টেমে মহিলাৰ বাবে আসন সংৰক্ষণৰ সমৰ্থন কৰাৰ সলনি ভাৰতীয় জনতা পাৰ্টিক কুঅভিসন্ধিৰে আক্ৰমণৰ লক্ষ্য কৰি লোৱাই নহয় নাৰী সামজকো বিভিন্ন ধৰণৰ অপমান সূচক মন্তব্যৰে তুচ্ছ্য-তাচ্ছিল্য কৰা দেখা গৈছে ৷ মহিলাকসকলক সদায় আগস্থান প্ৰদান কৰা আৰু নাৰী সমাজক অধিক শক্তিশালী কৰাটোই ভাৰতীয় জনতা পাৰ্টিৰ অন্যতম লক্ষ্য ৷ মহিলা সমাজৰ উন্নয়ন আৰু অধিকাৰ ৰক্ষাৰ হকে কাম কৰিবলৈ বিজেপি দল সদায় প্ৰস্তুত বুলি মুখপাত্ৰ গৰাকীয়ে প্ৰেছ বিবৃতি যোগে উল্লেখ কৰে ৷ কংগ্ৰেছৰ মহিলা বিদ্বেষী নীতি আৰু স্থিতি দেশৰ নাৰী শক্তিয়ে যুগে যুগে মনত ৰাখিব বুলি মুখপাত্ৰ গৰাকীয়ে বৰ্ণনা কৰে ৷
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী