তামুলপুৰ জিলাৰ গুৱাবাৰীত বন্য়হস্তীৰ আক্ৰমণত বাসগৃহ ধ্বংস
তামুলপুৰ, ২১ এপ্ৰিল (হি.স.)। তামুলপুৰ জিলাৰ গুৱাবাৰী অঞ্চলত হাতী মানুহৰ সংঘাত আৰম্ভ ৷ আজি কিছুদিন বিৰতিৰ পিছত পুনৰ হাতী মানুহৰ সংঘাত আৰম্ভ হৈছে ৷ নিশা ধমুহা বৰষুনৰ মাজতে হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা এটি প্ৰকাণ্ড হাতীয়ে গুৱাবাৰীত চলায় সন্ত্ৰাস ৷ দু
তামুলপুৰ জিলাৰ গুৱাবাৰীত বন্য়হস্তীৰ আক্ৰমণত বাসগৃহ ধ্বংস


তামুলপুৰ, ২১ এপ্ৰিল (হি.স.)। তামুলপুৰ জিলাৰ গুৱাবাৰী অঞ্চলত হাতী মানুহৰ সংঘাত আৰম্ভ ৷ আজি কিছুদিন বিৰতিৰ পিছত পুনৰ হাতী মানুহৰ সংঘাত আৰম্ভ হৈছে ৷ নিশা ধমুহা বৰষুনৰ মাজতে হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা এটি প্ৰকাণ্ড হাতীয়ে গুৱাবাৰীত চলায় সন্ত্ৰাস ৷ দুটাকৈ পৰিয়ালৰ ঘৰবাৰী বাৰীৰ তামোল পানৰ কৰে ক্ষতি সাধন।

গাঁৱখনৰ নাৰায়ণ চুব্বা আৰু অবলা হাজংৰ থকা ঘৰৰ সম্পূৰ্ণ ধ্বংস কৰে হাতীটোৱে ৷ ইতিমধ্যে লোক উপস্থিত হৈ হাতীৰ ত্ৰাসত সৰ্বস্ৰান্ত হোৱা পৰিয়াল দুটাৰ খা খবৰ লয় বনবিভাগৰ এটা দলে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande