গোলকগঞ্জ আৰক্ষীৰ জালত দুটৈ চোৰাং গো সৰবৰাহকাৰী, ১৬ টাকৈ গৰু উদ্ধাৰ
ধুবুৰী, ২১ এপ্ৰিল (হি.স.)। পুষ্পা ষ্টাইলত চোৰাং গৰু সৰবৰাহ। গোলকগঞ্জ আৰক্ষীৰ জালত ১৬ টাকৈ চোৰাং গৰু সহ ছানিদুল ইচলাম আৰু ছফেৰ উদ্দিন নামৰ দুজন সৰবৰাহকাৰীক আটক। আজি ৰাতিপুৱা ৭ মান বজাত এক গোপন সূত্ৰৰ আধাৰত গোলকগঞ্জৰ চক্ৰ আৰক্ষী বিষয়া নৱজ্যোতি ৰায়ৰ
গোলকগঞ্জ আৰক্ষীৰ জালত দুটৈ চোৰাং গো সৰবৰাহকাৰী, ১৬ টাকৈ গৰু উদ্ধাৰ


ধুবুৰী, ২১ এপ্ৰিল (হি.স.)। পুষ্পা ষ্টাইলত চোৰাং গৰু সৰবৰাহ। গোলকগঞ্জ আৰক্ষীৰ জালত ১৬ টাকৈ চোৰাং গৰু সহ ছানিদুল ইচলাম আৰু ছফেৰ উদ্দিন নামৰ দুজন সৰবৰাহকাৰীক আটক। আজি ৰাতিপুৱা ৭ মান বজাত এক গোপন সূত্ৰৰ আধাৰত গোলকগঞ্জৰ চক্ৰ আৰক্ষী বিষয়া নৱজ্যোতি ৰায়ৰ নিৰ্দেশত যোৱা আৰক্ষীৰ এটি দলে ৰতিয়াদহৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এ এছ ২৮ এ চি ০৪২০ নম্বৰৰ মিনি ট্ৰাক এখন ৰখাই।মিনি ট্ৰাক খনত ফলৰ কাৰ্টুনৰ তলৰ লুকুৱাই অনা হৈছিল ১২ টাকৈ চোৰাং গৰু।

চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ পৰা ভিতৰুৱা পথ হৈ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৌৰীপুৰ অভিমূখে গৈ আছিল মিনি ট্ৰাক খন । বাংলাদেশলৈ চোৰাং সৰবৰাহ কৰাৰ উদ্দেশ্যে নি থকা হৈছিল গৰু কেইটা । মিনি ট্ৰাক খনত তালাচী চলোৱাত বাহন খনত লৈ অনা ফলৰ কাৰ্টুনৰ তলৰ পৰা ১২ টাকৈ চোৰাং গৰু উদ্ধাৰ কৰে। লগতে দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন সৰবৰাহকাৰী দুজন ক্ৰমে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ছানিদুল ইচলাম আৰু ছফেৰ উদ্দিন। উল্লেখ্য যে আৰক্ষীয়ে যিমানে কটকটিয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে সিমানে ন ন কৌশল অৱলম্বন কৰিছে গো সৰবৰাহ কাৰীয়ে। কেতিয়াবা আলুৰ বস্তাৰ তলত , কেতিয়াবা কাৰ্টুনৰ তলত, কেতিয়াবা বিলাসী বাহনত, কেতিয়াবা নাৱত আৰু কেতিয়াবা কল গছৰ ভুৰত বান্ধি নৈৰ সোঁতত উটুৱাই দি যিকোনো প্ৰকাৰে অব্যাহত ৰাখিছে চোৰাং গৰুৰ অবৈধ সৰবৰাহ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande