বাক্সাৰ শ্ৰীশ্ৰীকুজিদেওঁৰ দেৱালয় আৰু নতুন আলিগুৰিত উলহ মালহৰে উদযাপন কৰা হয় পাৰ'তোলা উৎসৱ
বাক্সা, ২১ এপ্ৰিল (হি.স.)। অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ চেৰা বিহুৰ সতে সংগতি ৰাখি প্ৰতি বছৰে ৬ ব''হাগত বাক্সা জিলাৰ অন্যান্য স্থানৰ লগতে ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী কুজিদেওঁৰ দেৱালয়ত অসমীয়া লোক সংস্কৃতিৰ বৰ পথাৰ খনক চহকী কৰি অহা পাৰ''তোলা উৎসৱ অতি
বাক্সাৰ শ্ৰীশ্ৰীকুজিদেওঁৰ দেৱালয় আৰু নতুন আলিগুৰিত উলহ মালহৰে উদযাপন কৰা হয় পাৰ'তোলা উৎসৱ


বাক্সা, ২১ এপ্ৰিল (হি.স.)। অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ চেৰা বিহুৰ সতে সংগতি ৰাখি প্ৰতি বছৰে ৬ ব'হাগত বাক্সা জিলাৰ অন্যান্য স্থানৰ লগতে ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী কুজিদেওঁৰ দেৱালয়ত অসমীয়া লোক সংস্কৃতিৰ বৰ পথাৰ খনক চহকী কৰি অহা পাৰ'তোলা উৎসৱ অতি উলহ মালহৰে উদযাপন কৰা হয় ।

বড়ো ভাষিক আৰু অসমীয়া ভাষিক লোকে একত্ৰিত কৰি গঠিত কুজিদেওঁৰ মিলন সংঘৰ উদ্যোগত কালি দিনজোৰা কাৰ্যসূচীৰে ১৭৬ সংখ্যক পাৰ'তোলা উৎসৱ উদযাপন কৰা হয়। সমগ্ৰ চাপাগুৰি আৰু ককলাবাৰী মৌজাৰ শ্ৰীশ্ৰীকুজিদেওঁৰ দেৱালয়ত পৰম্পৰাগত ৰীতি নীতিৰে পাৰ'তোলা উৎসৱৰ আয়োজন কৰা হৈছে বুলি উদ্যোক্তা সকলে জানিব দিছে । উল্লেখ্য যে এই পাৰ'তোলা উৎসৱত মা গোঁসানী আৰু মা কামাখ্যা গোঁসানীৰ দীঘল বাঁহ দুডালত প্ৰায় ৪০/৫০ গৰাকী লোকে একেলগে ধৰি দৌৰোৱাৰ প্ৰথাৰে সৃষ্টি কৰা পৰিবেশে ভক্ত সকলক এক অনাবিল আনন্দ প্ৰদান কৰে। একেদৰে জিলাখনৰ দক্ষিণ অঞ্চলী আৰু জালাহ নতুন আলিগুৰিতো এই পাৰতলা উৎসৱ পৰম্পৰাগত ভাবে উদযাপন কৰি অহা দেখা যায় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande