
চেন্নাই, ২১ এপ্ৰিল (হি.স.)। অহা ২৩ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া তামিলনাডু বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনা আজি ৰাজনৈতিক দলসমূহে ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে । মুঠ ৪০২৩ জন প্ৰাৰ্থীয়ে ২৩৪খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে। এই নিৰ্বাচনত জয়ী হ’বলৈ সকলো দলেই তীব্ৰ প্ৰচাৰ চলাইছে।
প্ৰচাৰৰ এই অন্তিম দিনটোত প্ৰাৰ্থীসকলে যিমান পাৰি সিমান লোকক সাক্ষাৎ কৰি সমৰ্থন লাভ কৰিছে । প্ৰধান ৰাজনৈতিক দলৰ নেতাসকলেও বিভিন্ন স্থানত প্ৰচাৰ চলোৱা, ৰাজহুৱা সভা অনুষ্ঠিত কৰা, ৰোড শ্ব’ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে । আজি সন্ধিয়া ৬ বজাৰ পিছত নিৰ্বাচন সম্পৰ্কীয় কোনো সভা বা শোভাযাত্ৰা অনুষ্ঠিত কৰিব নোৱাৰিব । মুখ্যমন্ত্রী ষ্টেলিনে ৰাজ্যজোৰা ভ্রমণ সমাপ্ত কৰাৰ পাছত আজি নিজৰ সমষ্টি কোলাথুৰত ভোট বিচাৰিছে ৷
টিভিকে নেতা বিজয়ে আজি বিয়লি পল্লৱকম আম্বেদকাৰৰ মূৰ্তি, তিৰুৱনমিউৰ নাগাথামমান মন্দিৰ জংচন, আৰু চাইদাপেট পানাগাল মালিগাইৰ সমীপৰ আন্না ছালাই কলাইগনাৰ আৰ্চ জুনিছ ৰোড জংচনৰ পৰা বাহন ৰেলীৰ নেতৃত্ব দিয়ে। ছাইদাপেট নন্দনম ৱাইএমচিএ খেলপথাৰত ৩ বজাৰ পৰা টিভিকেৰ বিষয়াসকলৰ বৈঠক অনুষ্ঠিত কৰাৰ অনুমতিও লাভ কৰা হৈছে । নিৰ্বাচনী প্ৰচাৰ শেষ হোৱাৰ পিছত, সন্ধিয়া ৬ বজাৰ পিছত, অঞ্চলটোৰ বাহিৰৰ পৰা অহা লোকসকলক ওলাই যাবলৈ নিৰ্দেশ দিয়া হৈছে। উলংঘাৰ ফলত দুবছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব পাৰে বুলি সকীয়াই দিছে নিৰ্বাচন আয়োগে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া