মৰিয়নি নকছাৰিত গাঞ্জা সহ তিনিজনক আটক
যোৰহাট, ২১ এপ্ৰিল (হি.স.)। মৰিয়নি নকছাৰিত আটক তিনিজন গাঞ্জা ব্যৱসায়ী। অবৈধ কামৰ বিৰুদ্ধে এতিয়া সৰৱ অসম আৰক্ষী। আই পি এল জুৱা , চুলাই মদ, ড্ৰাগছ, আদিৰ অভিযান অব্যাহত অসম আৰক্ষীৰ । বুধ বাৰে মৰিয়নি দেবেৰাপাৰ আৰক্ষীয়ে তিনিজন আই পি এল জুৱাৰী আটক
মৰিয়নি নকছাৰিত গাঞ্জা সহ তিনিজনক আটক


যোৰহাট, ২১ এপ্ৰিল (হি.স.)। মৰিয়নি নকছাৰিত আটক তিনিজন গাঞ্জা ব্যৱসায়ী। অবৈধ কামৰ বিৰুদ্ধে এতিয়া সৰৱ অসম আৰক্ষী। আই পি এল জুৱা , চুলাই মদ, ড্ৰাগছ, আদিৰ অভিযান অব্যাহত অসম আৰক্ষীৰ ।

বুধ বাৰে মৰিয়নি দেবেৰাপাৰ আৰক্ষীয়ে তিনিজন আই পি এল জুৱাৰী আটক কৰা পিছতে কালি নিশা নৰ নকছাৰী কাকজান চাহ বাগিছাৰ বসন্ত তাঁতী, ষ্টেচন তিনিআলিৰ যুৱক ৰবীন গগৈ আৰু মৰাণ গাৱৰ যুৱক সৌৰভ কোঁৱৰক আটক কৰে দেৱেৰাপাৰ আৰক্ষীয়ে। দীৰ্ঘদিন ধৰি বসন্ত তাঁতীয়ে গাঞ্জাৰ খেতি কৰি আহিছিল আৰু এই দুই যুৱকে তেওঁৰ পৰা ক্ৰয় কৰি অঞ্চল টোৰ বিভিন্ন ঠাইত যোগান ধৰি অহা বুলি বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে আটাইকেইজনকে জেৰা অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande