
কামৰূপ, ২১ এপ্ৰিল (হি.স.)। নিশা কামৰূপৰ বংশৰত ভয়ানক মটৰচাইকেল দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত থিতাতে দুজন লোক নিহত হোৱাৰ লগতে এজন লোক গুৰুতৰ ভাৱে আহত হয়।
নিহত দুইজন যুৱক ক্ৰমে ধ্ৰুৱজ্যোতি হাজৰিকা,নয়ন কলিতা বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা অনুসৰি শুৱালকুছি পলাশবাৰী নৱনিৰ্মিত দলঙত শ্ৰমিক হিচাপে কাম কৰিছিল যুৱক কেইজনে।
নিজৰ কাম শেষ কৰি ঘৰমুৱা হৈছিল যুৱক কেইজন। তিনিওজন যুৱকৰে ঘৰ কামৰূপৰ হালোগাঁওত।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা