
নতুন দিল্লী, ২১ এপ্ৰিল (হি.স.)। ঘৰুৱা শ্বেয়াৰ বজাৰত আজি আগতীয়া ব্যৱসায়ৰ উৰ্ধগামী ধাৰা দেখা গৈছে। সামান্য বৃদ্ধিৰে ব্যৱসায় আৰম্ভ হৈছিল। বজাৰখন মুকলি হোৱাৰ কিছু সময়ৰ পাছতে ক্ৰেতাসকলে ক্ৰয়ৰ ধুমধাম আৰম্ভ কৰে, যাৰ ফলত চেন্সেক্স আৰু নিফটি দুয়োটা সূচকাংকতে উত্থান ঘটিল। পুৱা ১০ বজালৈকে চেন্সেক্সৰ ব্যৱসায় ০.৬৩ শতাংশ আৰু নিফটিৰ ব্যৱসায় আছিল ০.৫৬ শতাংশ।
শ্বেয়াৰ বজাৰৰ হেভিৱেট কোম্পানীসমূহৰ ভিতৰত নেচলে ইণ্ডিয়া, এক্সিছ বেংক, এছিয়ান পেইণ্টছ, আদানি প’ৰ্টছ, আৰু টাটা কনজিউমাৰ প্ৰডাক্টছৰ মূল্য ১.৬৮ শতাংশৰ পৰা ০.৭২ শতাংশলৈকে বৃদ্ধি পাইছে। আনহাতে, এছ বি আই লাইফ ইনশ্বুৰেন্স, এইচ ডি এফ চি লাইফ, ডাঃ ৰেড্ডীজ লেবৰেটৰীজ, ইনফ’ছিছ, আৰু জিঅ’ ফাইনেন্সিয়েলৰ শ্বেয়াৰ ৩.১৯ শতাংশৰ পৰা ০.৫০ শতাংশলৈকে হ্ৰাস পাই ব্যৱসায় চলি আছিল।
আজিৰ ব্যৱসায়ৰ সময়লৈকে শ্বেয়াৰ বজাৰত ২,৭১৭টা ষ্টক সক্ৰিয়ভাৱে ব্যৱসায় কৰি আছিল। ইয়াৰে ২১৬৯টা ষ্টকে লাভৰ সৈতে গ্ৰীণত ব্যৱসায় কৰিছিল, আনহাতে ৫৪৮টা ষ্টকে লোকচানৰ সৈতে ৰঙা সূচকত ব্যৱসায় কৰিছিল। একেদৰে চেন্সেক্সত অন্তৰ্ভুক্ত ৩০টা ষ্টকৰ ভিতৰত ২৭টা ষ্টক ক্ৰয় সমৰ্থনৰ সৈতে সেউজীয়া সূচক অৱস্থাত থাকিল। আনহাতে, বিক্ৰীৰ চাপৰ বাবে তিনিটা ষ্টকৰ ব্যৱসায় ৰঙা সূচকত হৈ আছিল। আনহাতে নিফটিত অন্তৰ্ভুক্ত কৰা ৫০টা ষ্টকৰ ভিতৰত ৪২টা ষ্টকে সেউজীয়া আৰু আঠটা ষ্টক ৰঙা সূচকত ব্যৱসায় কৰি আছিল।
আজি বিএছই চেন্সেক্সৰ ৯৬.৮৬ পইণ্ট বৃদ্ধিৰে ৭৮,৬১৭.১৬ পইণ্টত মুকলি হয়। ব্যৱসায় আৰম্ভ হোৱাৰ কিছু সময়ৰ পিছতে ক্ৰেতাসকলে ক্ৰয় কৰিবলৈ আৰম্ভ কৰে, যাৰ ফলত সূচকাংকৰ গতি বৃদ্ধি পায়। কিন্তু লাভ বুকিং কৰাৰ প্ৰয়াসত মাজে মাজে বিক্ৰীৰ বাউট হৈছিল। ইয়াৰ পিছতো সূচকাংকৰ গতিবিধিৰ ওপৰত বহুলাংশে কোনো প্ৰভাৱ নপৰে। ক্ৰয়-বিক্ৰয় অব্যাহত থকাৰ মাজতে পুৱা ১০ বজালৈকে চেন্সেক্সৰ মূল্য ৪৯২.২৭ পইণ্ট বৃদ্ধি পাই ৭৯,০১২.৫৭ত ব্যৱসায় হৈছিল।
চেন্সেক্সৰ দৰেই আজি এন এছ ই নিফটিয়েও ৯.৭০ পইণ্টৰ সামান্য বৃদ্ধিৰে ২৪,৩৭৪.৫৫ পইণ্টত ব্যৱসায় আৰম্ভ কৰে। বজাৰ খোলাৰ লগে লগে সূচকাংক পিছলি গৈ ২৪,৩৫৪.৯০ত উপনীত হয়। ইয়াৰ পিছত ক্ৰেতাসকলে ক্ৰয় তীব্ৰতৰ কৰি তুলিলে, যাৰ ফলত নিফ্টীৰ গতিবিধি বৃদ্ধি পালে। ক্ৰয়ৰ দ্বাৰা সমৰ্থিত এই সূচকাংক ২৪,৫১২.৩৫ লৈ জঁপিয়াই পৰে। ইয়াৰ পিছত লাভ বুকিঙৰ তাড়নাত বিক্ৰী কৰাৰ বাবে ইয়াৰ গতিবিধিৰ সামান্য হ্ৰাস দেখা গ’ল। বজাৰত ধাৰাবাহিক ক্ৰয়-বিক্ৰয়ৰ মাজতে পুৱা ১০ বজালৈকে ব্যৱসায়ৰ পিছত নিফটিয়ে ১৩৬.৩০ পইণ্ট বৃদ্ধিৰে ২৪,৫০১.১৫ পইণ্টৰ স্তৰত ব্যৱসায় কৰিছিল।
ইয়াৰ পূৰ্বে সোমবাৰে পূৰ্বৰ ব্যৱসায়িক দিনটোত চেন্সেক্সে ২৬.২৭ পইণ্ট অৰ্থাৎ ০.০৩ শতাংশ বৃদ্ধিৰে ৭৮,৫২০.৩০ পইণ্টৰ স্তৰত বন্ধ হৈছিল। আনহাতে নিফটিয়ে সোমবাৰে ১১.৩০ পইণ্ট অৰ্থাৎ ০.০৫ শতাংশ জঁপিয়াই ২৪,৩৬৪.৮৫ পইণ্টৰ স্তৰত ব্যৱসায়ৰ অন্ত পেলাইছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া