
তামুলপুৰ, ২১ এপ্ৰিল (হি.স.)। অসম গ্ৰামীণ বিকাশ বেংক তামাৰহাট শাখাৰ প্ৰবন্ধকৰ বদলিৰ খবৰ পাই বেংকৰ সন্মুখত গ্ৰাহকৰ ভিৰ ।বদলিৰ নিৰ্দেশ স্থগিত ৰাখিবলৈ গ্ৰাহকৰ দাবী। গ্ৰাহকৰ মতে বিগত সময়চোৱাত বেংক শাখা খনত কৰ্মৰত প্ৰবন্ধক এল্ড্ৰন চাকমাই সকলো গ্ৰাহকক দি আহিছিল ভাল পৰিসেৱা। শাখা খনত পৰ্যাপ্ত কৰ্মচাৰী নথকাৰ পিছতো প্ৰবন্ধক জনে বেংকৰ সকলো কাম কাজ নিয়াৰিকৈ চলাই যাবলৈ সক্ষম হৈছিল।
বেংকিং ছেক্টৰত লাভালাভৰ বিষয়েও গ্ৰাহকক সজাগ কৰি তুলিবলৈ সক্ষম হৈছিল প্ৰবন্ধক জন । যিটো সময়ত বেংক শাখা খনত পৰ্যাপ্ত কৰ্মচাৰীৰ অভাব তেনে সময়ত বেংকৰ উৰ্ধতম কৰ্তৃপক্ষই প্ৰবন্ধক জনক বদলিৰ নিৰ্দেশ দিয়া বিষয়টোত বেংকৰ অধিনস্থ সমগ্ৰ তামাৰহাট অঞ্চলৰ গ্ৰাহকক বিপাঙত পেলাইছে। পিছ পৰা অঞ্চল টোৰ স্বাৰ্থত প্ৰবন্ধক জনক দিয়া বদলিৰ নিৰ্দেশটো স্থগিত কৰি প্ৰবন্ধক জনক অতি কমেও দুটা বছৰ বেংক শাখা খনত প্ৰবন্ধক হিচাপে ৰাখিবলৈ বেংক খনৰ গ্ৰাহক সকলে বেংকৰ উৰ্ধতম কৰ্তৃপক্ষক দাবী জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ