
হোজাই, ২১ এপ্ৰিল (হি.স.)। আজিৰে পৰা ৰেল নগৰী লামডিঙত ৮ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল উত্তৰ পূৱাঞ্চলৰ সৰ্ববৃহৎ শ্ৰী শ্ৰী শীঁতলা দেৱীৰ পূজা ৷ লামডিঙৰ হৰুলংফাৰস্থিত শীঁতলা দেৱীৰ মন্দিৰত বৰ্নাধ্য কাৰ্যসূচীৰে দেৱী বন্দনাৰে মুখৰিত হৈ পৰে চাৰিওদিশ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে বহি:ৰাজ্যৰ পৰাও অগণন ভক্তই ভিৰ কৰা পৰিলক্ষিত হোৱাৰ লগতে দেৱীৰ শ্ৰী চৰণত তেল সেন্দুুৰ, চাকি ,বন্তি দি পূজা অৰ্চনা কৰে ৷
প্ৰতিটো বৰ্ষৰ দৰেই চলিত বৰ্ষতো এই পূজাভাগ অনুষ্ঠিত হোৱাৰ সমান্তৰালকৈ ৮ দিনীয়াকৈ বসন্ত মেলাৰো আয়োজন কৰা হৈছে ৷ তাৰোপৰি ভক্তসকল সুবিধাৰ্থে লামডিং সংমণ্ডলৰ ৰেল বিভাগৰ ফালৰ পৰা দুখনকৈ বিশেষ শীঁতলা পূজা স্পেচিয়েল ৰেলৰ সুবিধা দিয়াৰ কথাও ইতিমধ্যে ৰেল বিভাগে চৰ্চা চলাইছে ৷ তাৰোপৰি দেৱীৰ পূজাৰ অধিবাস উপল্লক্ষে যোৱা কালি সন্ধিয়া লামডিঙৰ সকলো বিশিষ্ট অতিথি তথা পুৰোহিত সমিতিৰ উপস্থিতিত দেৱীৰ প্ৰতিমা সাধাৰণ দশনাৰ্থীৰ বাবে মুকলি কৰি দিয়ে ৷ আগন্তক ৮ দিনত লামডিঙত লাখ লাখ ভক্তৰ সমাগমেৰে আৰু শীঁতলা দেৱীৰ বন্দনাৰে লামডিঙৰ আকাশ বতাহ মুখৰিত হৈ পৰিব ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ