
মাদ্ৰিদ, ২১ এপ্ৰিল (হি.স.)। সন্মানীয় ল’ৰিয়াছ ৱৰ্ল্ড স্প’ৰ্টছ এৱাৰ্ডছ ২০২৬ত টেনিছ খেলুৱৈয়ে আধিপত্য বিস্তাৰ কৰিছে । স্পেনিছ টেনিছ তাৰকা কাৰ্লোছ আলকাৰাজ আৰু বেলাৰুছৰ আৰিনা ছাবালেংকাই ক্ৰমে মহিলা আৰু পুৰুষৰ শাখাত বছৰৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে।
আলকাৰাজে ফ্ৰেঞ্চ অ’পেন আৰু ইউ এছ অ’পেন নামৰ দুটা গ্ৰেণ্ড শ্লেম খিতাপ জয় কৰি বছৰটো বিশ্বৰ ১ নং স্থান হিচাপে সমাপ্ত কৰে। গোটেই ছিজনটোত ছাবালেংকাই সুন্দৰ প্ৰদৰ্শন আগবঢ়াই কেইবাখনো ডাঙৰ প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰে।
ন’ভাক জ’কভিচ আৰু আইলিন গুৱে আয়োজন কৰে এই অনুষ্ঠান । ২০০০ চনত স্থাপিত ল’ৰিয়াছ বঁটাক ক্ৰীড়াৰ অন্যতম সন্মানীয় সন্মান হিচাপে গণ্য কৰা হয়।
-২০২৬ চনৰ ল'ৰিয়াছ ৱৰ্ল্ড স্প'ৰ্টছ এৱাৰ্ডৰ মূল বিজয়ী
বছৰৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ: কাৰ্লোছ আলকাৰাজ
বছৰৰ শ্ৰেষ্ঠ মহিলা খেলুৱৈ: আৰিনা চাবালেংকা
বছৰৰ শ্ৰেষ্ঠ দল: পেৰিছ চেণ্ট জাৰ্মেইন
বছৰৰ উদীয়মান খেলুৱৈ: লেণ্ডো ন’ৰিছ
বছৰৰ শ্ৰেষ্ঠ কামবেক: ৰ’ৰী মেকইলৰয়
বছৰৰ শ্ৰেষ্ঠ যুৱ খেলুৱৈ : লমিন ইয়ামাল
ক্ৰীড়া প্ৰেৰণা বঁটা: টনি ক্ৰ’ছ
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া