
লণ্ডন, ২১ এপ্ৰিল (হি.স.)। ইংলেণ্ডৰ শীৰ্ষ ফুটবল প্ৰতিযোগিতা প্রিমিয়াৰ লীগত সোমবাৰে ৱেষ্ট হাম ইউনাইটেড আৰু ক্রিষ্টাল পেলেছৰ মাজত গ’লবিহীন ড্র খেলৰ পাছত উলভাৰহামপটন ৱাণ্ডাৰাৰছ (উলভছ)ৰ ৰেলিগেচন নিশ্চিত হয়৷
পইণ্ট টেবুলত এতিয়া উলভছে ৱেষ্ট হাম ইউনাইটেডৰ পৰা ১৬ পইন্ট পিছ পৰি আছে আৰু মাত্ৰ পাঁচখন মেচ বাকী থকাৰ সময়ত তেওঁলোকৰ ৰেলিগেচন নিশ্চিত হৈ পৰিছে। এতিয়া অহা ছিজনত ই এফ এল চেম্পিয়নশ্বিপত খেলিব উলভছে।
নৱেম্বৰৰ পৰা প্ৰশিক্ষক ৰব এডৱাৰ্ডছৰ অধীনত থকা উলভছে এই ছিজনত ৩৩খন মেচত মাত্ৰ তিনিটা জয় লাভ কৰিছে।
যদিও এষ্টন ভিলা আৰু লিভাৰপুলৰ বিৰুদ্ধে কিছু গুৰুত্বপূৰ্ণ জয় নিশ্চিত কৰিছিল যদিও দলটোৱে দীৰ্ঘদিন ধৰি ৰেলিগেচনৰ বিপদত পৰিছিল। ইয়াৰ লগে লগে তেওঁলোকৰ আঠ বছৰীয়া প্ৰিমিয়াৰ লীগ অভিযানৰ অন্ত পৰিল।
ছিজনৰ আৰম্ভণিতে দলটোৰ প্ৰশিক্ষকতা কৰা ভিটৰ পেৰেইৰাক দুৰ্বল প্ৰদৰ্শনৰ বাবে নৱেম্বৰ মাহত আঁতৰ কৰা হৈছিল। পিছত ৰব এডৱাৰ্ডছক এই দায়িত্ব দিয়া হয় যদিও তেওঁ দলটোক বচাব নোৱাৰিলে।
বৰ্তমান টেবুলৰ তলত থকা বাৰ্নলী বুধবাৰে মানচেষ্টাৰ চিটিৰ হাতত পৰাস্ত হ’লে দলটোৰ ৰেলিগেচন নিশ্চিত হ’ব।
অন্যান্য দলৰ স্থিতি
ব্ৰাইটনৰ বিৰুদ্ধে ২-২ গ’লত ড্ৰ’ হোৱাৰ পাছতো ৰেলিগেচন জ’নৰ পৰা সাৰিবলৈ ব্যৰ্থ হয় টটেনহাম হটছপাৰ।
নটিংহাম ফৰেষ্ট আৰু লিডছ ইউনাইটেডে জয়ৰ জৰিয়তে নিজৰ স্থান নিশ্চিত কৰে।
চেম্পিয়নশ্বিপৰ শীৰ্ষ স্থান দখল কৰি কভেণ্ট্ৰি চিটিয়ে ২৫ বছৰৰ পাছত প্ৰিমিয়াৰ লীগলৈ ঘূৰি অহাটো নিশ্চিত কৰে।
हिन्दुस्थान समाचार / Manoj Kumar Saikia