ৰে’ল নগৰী লামডিঙত ৮ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ উত্তৰ পূৱাঞ্চলৰ সৰ্ব বৃহৎ শ্ৰী শ্ৰী শীঁতলা দেৱীৰ পূজা
হোজাই, ২১ এপ্ৰিল (হি.স.)। আজিৰে পৰা ৰে’ল নগৰী লামডিঙত ৮ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে উত্তৰ পূৱাঞ্চলৰ সৰ্ব বৃহৎ শ্ৰী শ্ৰী শীঁতলা দেৱীৰ পূজা ৷ লামডিঙৰ হৰুলংফাৰস্থিত শীঁতলা দেৱীৰ মন্দিৰত বৰ্ণাঢ্য় কাৰ্যসূচীৰে দেৱী বন্দনাৰে মুখৰিত হৈ পৰিব চাৰিওপাশ ৷ ৰা
ৰে’ল নগৰী লামডিঙত ৮ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ উত্তৰ পূৱাঞ্চলৰ সৰ্ব বৃহৎ শ্ৰী শ্ৰী শীঁতলা দেৱীৰ পূজা


হোজাই, ২১ এপ্ৰিল (হি.স.)। আজিৰে পৰা ৰে’ল নগৰী লামডিঙত ৮ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে উত্তৰ পূৱাঞ্চলৰ সৰ্ব বৃহৎ শ্ৰী শ্ৰী শীঁতলা দেৱীৰ পূজা ৷ লামডিঙৰ হৰুলংফাৰস্থিত শীঁতলা দেৱীৰ মন্দিৰত বৰ্ণাঢ্য় কাৰ্যসূচীৰে দেৱী বন্দনাৰে মুখৰিত হৈ পৰিব চাৰিওপাশ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে বহি:ৰাজ্যৰ পৰাও অগণন ভক্তই ভিৰ কৰা পৰিলক্ষিত হোৱাৰ লগতে দেৱীৰ শ্ৰী চৰণত তেল সেন্দুুৰ, চাকি, বন্তি দি পূজা অৰ্চনা কৰিবহি ৷

প্ৰতিটো বৰ্ষৰ দৰেই চলিত বৰ্ষতো এই পূজাভাগ অনুষ্ঠিত হোৱাৰ সমান্তৰালকৈ ৮ দিনীয়াকৈ বসন্ত মেলাৰো আয়োজন কৰা হৈছে ৷ তাৰোপৰি ভক্তসকল সুবিধাৰ্থে লামডিং সংমণ্ডলৰ ৰে’ল বিভাগৰ ফালৰ পৰা দুখনকৈ বিশেষ শীঁতলা পূজা স্পেচিয়েল ৰে’লৰ সুবিধা দিয়াৰ কথাও ইতিমধ্যে ৰে’ল বিভাগে চৰ্চা চলাইছে ৷ তাৰোপৰি দেৱীৰ পূজাৰ অধিবাস উপলক্ষে যোৱা কালি সন্ধিয়া লামডিঙৰ সকলো বিশিষ্ট অতিথি তথা পুৰোহিত সমিতিৰ উপস্থিতিত দেৱীৰ প্ৰতিমা সাধাৰণ দশনাৰ্থীৰ বাবে মুকলি কৰি দিয়ে ৷ আগন্তুক ৮ দিনত লামডিঙত লাখ লাখ ভক্তৰ সমাগমেৰে আৰু শীঁতলা দেৱীৰ বন্দনাৰে মুখৰিত হৈ পৰিব লামডিঙৰ আকাশ বতাহ ৷

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande