
বাক্সা, ২১ এপ্ৰিল (হি.স.)। অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ চেৰা বিহুৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে ৬ ব'হাগত বাক্সা জিলাৰ অন্যান্য স্থানৰ লগতে ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী কুজিদেওঁৰ দেৱালয়তো অসমীয়া লোক সংস্কৃতিৰ বৰ পথাৰ খনক চহকী কৰি অহা পাৰ'তোলা উৎসৱ অতি উলহ মালহৰে উদযাপন কৰা হয় । বড়ো ভাষিক আৰু অসমীয়া ভাষিক লোকে একত্ৰিত কৰি গঠিত কুজিদেওঁৰ মিলন সংঘৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে ১৭৬ সংখ্যক পাৰ'তোলা উৎসৱ উদযাপন কৰা হয়।
সমগ্ৰ চাপাগুৰি আৰু ককলাবাৰী মৌজাক সাঙুৰি স্থাপিত শ্ৰীশ্ৰীকুজিদেওঁৰ দেৱালয়ত পৰম্পৰাগত ৰীতি নীতিৰে পাৰ'তোলা উৎসৱৰ সম্পূৰ্ণ বৈদিক ৰীতি নীতিৰে সম্পন্ন কৰা হয় । উল্লেখ্য যে এই পাৰ'তোলা উৎসৱত মা গোঁসানী আৰু মা কামাখ্যাৰ দীঘল বাঁহ দুডালত প্ৰায় ৫০/৬০ গৰাকী লোকে একেলগে ধৰি দৌৰোৱাৰ প্ৰথাৰে সৃষ্টি কৰা পৰিৱেশে ভক্ত সকলক এক অনাবিল আনন্দ প্ৰদান কৰে। একেদৰে জিলা খনৰ দক্ষিণ অঞ্চলী আৰু জালাহ নতুন আলিগুৰিতো এই পাৰতলা উৎসৱ পৰম্পৰাগত ৰীতি নীতিৰে উদযাপন কৰা দেখা যায় ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা