
ধুবুৰী, ২১ এপ্ৰিল (হি.স.)। ধুবুৰী জিলাৰ ঐতিহাসিক আলোকঝাৰি মা-মহামায়া মন্দিৰৰ সাত বেষমা মেলা । নিতৌ আগমন ঘটে হাজাৰ হাজাৰ ভক্তৰ । ভক্তৰ প্ৰতি কোনো গুৰুত্ব নাই বুলি সাত বেষমা মেলা কমিটিৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। যাতায়তৰ নামত পথৰ মাজত আছে মৰণ ফান্দ। ঐতিহাসিক মা মহামায়া পদিকা ধামলৈ যাবলৈ হলে পাৰ হব লাগে গদাধৰ নদী । নৈৰ ওপৰত নাই কোনো দলং ।
নিৰ্মাণ হৈ থকা ১২৭ বি ৰাষ্ট্ৰীয় ঘাই পথৰ নৈৰ ওপৰত হৈ থকা ব্ৰীজৰ তলেদি যোৱাৰ একমাত্ৰ পথ । সৰু এখন কালভাৰ্টৰ ওপৰেদি বিপদ সংকুল অৱস্থাত ভক্তই কৰিব লগা হৈছে যাতায়ত । কেতিয়া কোনে নৈত পৰিব নাই কোনো নিশ্চয়তা । তাৰোপৰি দীৰ্ঘদিন ধৰি মন্দিৰ পৰিচালনা কমিটিয়ে গোপনে কমিটি বনাই ধন আত্মসাত কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ । মেলাৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰাৰ পাছতো নাই কোনো উন্নয়ন । অভিযোগ মতে কমিটিৰ বিৰুদ্ধে তদন্ত ক্ৰমে বিহিত ব্যৱস্থা লোৱাৰ দাবী স্থানীয় ৰাইজৰ ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ