
গোলাঘাট, ২১ এপ্ৰিল (হি.স.)। অসমীয়া নাৰী শক্তিৰ অনন্য প্ৰতীক, সাহস আৰু ত্যাগৰ মহীয়সী সতী সাধনীৰ স্মৃতি দিৱস। জাতিৰ স্বাভিমান ৰক্ষাৰ বাবে চুতীয়া ৰাজবংশৰ শেষৰগৰাকী ৰাণীয়ে যি বলিদান দিলে, সেয়া সমগ্ৰ অসমীয়া জাতিৰ বাবে সদায় গৌৰৱৰ উৎস হৈ থাকিব। চুতীয়া ৰাজবংশৰ ৰাণী সতী সাধনীৰ বীৰত্ব, দেশপ্ৰেম আৰু স্বাভিমানে অসমবাসীক সদায়ে উদ্বুদ্ধ কৰি যাব৷ অসম তথা ভাৰত বুৰঞ্জীৰ অমৰ চৰিত্ৰ সতী সাধনী দিৱসৰ আজি পৱিত্ৰ দিনটিত শ্ৰদ্ধাৰে বীৰাংগনাগৰাকীলৈ বিনম্ৰ শ্ৰদ্ধাৰ্ঘ্য জ্ঞাপন ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ ।
সৰুপথাৰত বীৰাঙ্গনা সতী সাধনী দিৱস উদযাপন।ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত বীৰাঙ্গনা সতী সাধনীৰ ৫০২ সংখ্যক স্মৃতি দিৱস উদযাপন কৰা হৈছে। সৰুপথাৰ ছেৱাগুৰিস্থিত সতী সাধনী উদ্যানত ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত তথা ৰাইজৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সাধনী দিৱস। পুৱাৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰি সাধনী প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে।কাৰ্যসূচীৰ লগত সংগতি ৰাখি আন্তঃৰাষ্ট্ৰীয় ল'ন বল খেলুৱৈ নয়নমণি শইকীয়ালৈ আগবঢ়োৱা হ'ব 'ধনশিৰি ৰত্ন বটাঁ'। 'বীৰপাল বঁটা' আগবঢ়োৱা হৈছে সমাজসেৱক নীলকান্ত চলিহাক।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা