
তামুলপুৰ। ২১ এপ্ৰিল (হি.স.)। এক শোকাকুল পৰিৱেশৰ মাজত সোমবাৰে সন্ধিয়া অন্তষ্টিক্ৰিয়া সম্পন্ন কৰা হয় শিক্ষয়িত্ৰী গুদ্দু ডেকাৰ। দেওবাৰে দুপৰীয়া তামুলপুৰৰ নিজ বৰশিৰাল গাঁৱত সংঘটিত হয় এক শোকাৱহ ঘটনা। নিজ বৰশিৰাল গাঁৱৰ গুদ্দু ডেকা নামৰ শিক্ষয়িত্ৰীগৰাকীৰ ঘৰলৈ ফুৰিবলৈ আহিছিল গুৱাহাটী পাঞ্জাবাৰীৰ নিজ ভগ্নী পিংকি দাস আৰু তেওৰ প্ৰেমিক দিব্যজ্যোতি দৰ্জী।
দুপৰীয়া শিক্ষয়িত্ৰী গুদ্দু ডেকাৰ সৈতে প্ৰেমিক যুগল ওচৰতে থকা পাগলাদিয়া নৈত গা ধুবলৈ গৈ ঘটিছিল এক অনাকাংক্ষিত ঘটনা। মথাউৰি নিৰ্মাণৰ বাবে পাগলাদিয়া নৈত খন্দা প্ৰকাণ্ড গাঁতত পৰি শিক্ষয়িত্ৰী গুদ্দু ডেকাৰ লগতে ভগ্নী পিংকি দাস আৰু প্ৰেমিক দিব্যজ্যোতি দৰ্জী সন্ধানহীন হৈ আছিল। স্থানীয় লোকৰ তৎপৰতাত তিনিওজনকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে। সোমবাৰে সন্ধিয়া মৰণোত্তৰ পৰীক্ষাৰ অন্তত শিক্ষয়িত্ৰী গুদ্দু ডেকাৰ নশ্বৰ দেহ স্বগৃহলৈ অনাত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। অতি অমায়িক, নিৰ্জু স্বভাৱৰ শিক্ষয়িত্ৰীগৰাকীৰ অকাল বিয়োগত শোকস্তব্ধ হৈ পৰে অঞ্চলটো।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ