মঙলদৈত একেডাল ৰছীতে আত্মহনন এহাল যুৱক যুৱতীৰ
মঙলদৈত শোকাৱহ ঘটনা।
মঙলদৈত একেডাল ৰছীতে আত্মহনন এহাল যুৱক যুৱতীৰ


দৰং, ২১ এপ্ৰিল (হি.স.): দৰং জিলাৰ মঙলদৈত যোৱা কালি সোমবাৰে সন্ধিয়া এক শোকাৱহ ঘটনা পোহৰলৈ আহে। একেডাল ৰছীতে আত্মহনন কৰিলে এহাল যুৱক যুৱতীয়ে । ইয়াৰে যুৱক আজিজুলৰ ঘৰ মঙলদৈ ইছলামপুৰত আৰু যুৱতী গৰাকীৰ ঘৰ মঙলদৈ বৰুৱাপাৰাত বুলি জানিব পৰা গৈছে ।

যুৱতী গৰাকীৰ ঘৰতেই এই চৰম সিদ্ধান্ত গ্ৰহণ কৰে দুয়ো গৰাকী যুৱক–যুৱতীয়ে । বহু দিন ধৰি দুয়োৰে মাজত আছিল প্ৰেমৰ সম্পৰ্ক । প্ৰেমজনিত কাৰণত আত্মহত্যাৰ সন্দেহ যদিও প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।ঘটনাস্থলীত মঙলদৈ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande